কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমৰ দৰং জিলাৰ মঙলদৈত ৬৩০০ কোটি টকাৰ স্বাস্থ্য আৰু আন্তঃগাঁথনি প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে কংগ্ৰেছক লক্ষ্য কৰি কয় যে উত্তৰ-পূবৰ ৰাজ্যসমূহৰ দেশৰ উন্নয়নত গুৰুত্বপূৰ্ণ ভূমিকা আছে । কংগ্ৰেছে ভাৰত ৰত্ন ভূপেন হাজৰিকাক অপমান কৰা বুলিও অভিযোগ উত্থাপন কৰে প্ৰধানমন্ত্ৰী মোদীয়ে ।
উন্নত ভাৰতত উত্তৰ-পূৰ্বাঞ্চলৰ গুৰুত্বপূৰ্ণ ভূমিকা-
দৰঙত আয়োজিত কাৰ্যসূচীত প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘আজি সমগ্ৰ দেশ এক উন্নত ভাৰত গঢ়াৰ বাবে ঐক্যবদ্ধভাৱে আগবাঢ়িছে । বিশেষকৈ আমাৰ ডেকা বন্ধুসকল । তেওঁলোকৰ বাবে উন্নত ভাৰত এক সপোনৰ লগতে এটা সংকল্প । এই সংকল্প সম্পন্ন কৰাত আমাৰ উত্তৰ-পূৰ্বাঞ্চলৰ ভূমিকা অতি ডাঙৰ ।’ প্ৰধানমন্ত্ৰীয়ে কয় যে ‘একবিংশ শতিকাটো পূবৰ, উত্তৰ-পূৰ্বাঞ্চলৰ । উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহ জিলিকি উঠাৰ সময় আহি পৰিছে । যিকোনো অঞ্চলৰ উন্নয়নত সংযোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে । উত্তৰ-পূৰ্বাঞ্চলত সংযোগ বৃদ্ধিৰ বাবে আমাৰ চৰকাৰ উৎসৰ্গিত । পথ, ৰেলপথ আৰু বিমানপথৰ উন্নয়নৰ কাম চলি আছে । ইয়াৰ ফলত মানুহৰ জীৱন সলনি হৈছে আৰু উজ্জ্বল ভৱিষ্যতৰ পথ প্ৰশস্ত হৈছে ।’
প্ৰধানমন্ত্ৰীগৰায়ে কয় যে এই কংগ্ৰেছীসকলে মোক যিমানেই গালি-গালাজ নকৰক কিয়, মই ভগৱান শিৱৰ ভক্ত, মই সকলো বিষ গিলি পেলাওঁ, কিন্তু যেতিয়া আন কাৰোবাক অপমান কৰা হয় তেতিয়া মই সহ্য কৰিব নোৱাৰো । আপোনালোকে কওক, ভূপেন দাক ভাৰত ৰত্নৰে সন্মান জনোৱাৰ মোৰ সিদ্ধান্ত শুদ্ধ নে ভুল ?
অবৈধ অনুপ্ৰৱেশক লৈ কংগ্ৰেছক তীব্ৰ সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ-
প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে ‘কংগ্ৰেছৰ বাবে ভোট বেংকৰ স্বাৰ্থই আটাইতকৈ গুৰুত্বপূৰ্ণ । কংগ্ৰেছে কেতিয়াও ৰাষ্ট্ৰীয় স্বাৰ্থৰ প্ৰতি কোনো গুৰুত্ব নিদিয়ে । আজি কংগ্ৰেছ হৈ পৰিছে ৰাষ্ট্ৰ বিৰোধী আৰু অনুপ্ৰৱেশকাৰীৰ ৰক্ষক । কংগ্ৰেছে ক্ষমতাত থকাৰ সময়ত অনুপ্ৰৱেশক উৎসাহিত কৰিছিল আৰু আজি কংগ্ৰেছে বিচাৰে যে অনুপ্ৰৱেশকাৰীয়ে ভাৰতত চিৰদিনৰ বাবে বসতি স্থাপন কৰক আৰু ভাৰতৰ ভৱিষ্যত অনুপ্ৰৱেশকাৰীয়ে নিৰ্ধাৰণ কৰক ।’
হাজাৰ কোটি টকাৰ প্ৰকল্পৰ উপহাৰ-
প্ৰধানমন্ত্ৰী মোদীয়ে দৰং মেডিকেল কলেজ এণ্ড হাস্পতালৰ লগতে নাৰ্চিং কলেজ আৰু জি এন এম স্কুল নিৰ্মাণৰ শুভাৰম্ভ কৰে । এই স্বাস্থ্যসেৱা প্ৰকল্পসমূহত মুঠ ৫৭০ কোটি টকা বিনিয়োগ কৰা হ’ব । প্ৰধানমন্ত্ৰীয়ে আনুমানিক ১২০০ কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা ২.৯ কিলোমিটাৰ দৈৰ্ঘ্যৰ নাৰেংগী-কুৰুৱা দলং আৰু কামৰূপ আৰু দৰং জিলা আৰু মেঘালয়ৰ ৰি ভৈ সংযোগী ১১৮.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ গুৱাহাটী ৰিং ৰোড প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে । ৰিং ৰোড প্ৰকল্পৰ আনুমানিক ব্যয় হ’ব ৪৫৩০ কোটি টকা ।
পৰৱৰ্তী সময়ত প্ৰধানমন্ত্ৰীয়ে গোলাঘাট জিলাৰ নুমলীগড় শোধনাগাৰত ৫০০০ কোটিতকৈ অধিক ব্যয় সাপেক্ষে নতুনকৈ নিৰ্মাণ কৰা বাঁহ ভিত্তিক ইথানল প্লাণ্ট আৰু ৭,২৩০ কোটি টকা ব্যয় সাপেক্ষে পেট্ৰ’ ফ্লুইডাইজড কেটালাইটিক ক্ৰেকাৰ ইউনিট উদ্বোধন কৰিব । এইদৰে প্ৰধানমন্ত্ৰী মোদীয়ে অসমক ১৮ হাজাৰ কোটিতকৈ অধিক মূল্যৰ মুঠ উন্নয়নমূলক প্ৰকল্প উপহাৰ দিব । শনিবাৰে সন্ধিয়া অসমত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীয়ে ভাৰত ৰত্ন বঁটা বিজয়ী ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপনতো অংশগ্ৰহণ কৰে ।
লগতে পঢ়ক : প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন… উপহাৰ দিব ১৮ হাজাৰ কোটি টকাৰ প্ৰকল্প