প্ৰধানমন্ত্ৰী মোদীৰ অসম ভ্ৰমণৰ দ্বিতীয়টো দিন
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেওবাৰে অসমত ১৮,৫৩০ কোটিৰো অধিক মূল্যৰ বৃহৎ আন্তঃগাঁথনি আৰু উদ্যোগিক উন্নয়ন প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব । অসম ভ্ৰমণৰ দ্বিতীয়টো দিনত তেওঁ প্ৰথম দৰঙত উপস্থিত হ’ব, য’ত তেওঁ ৰাজহুৱা সভাত ভাষণ দি কেইবাটাও গুৰুত্বপূৰ্ণ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব । ইয়াৰ ভিতৰত আছে দৰং মেডিকেল কলেজ এণ্ড হাস্পতাল, জি এন এম স্কুল আৰু বি এছ চি নাৰ্চিং কলেজৰ লগতে ৰাজধানী অঞ্চলত যান-জঁটৰ সমস্যা হ্ৰাস আৰু গতিশীলতা বৃদ্ধিৰ বাবে গুৱাহাটী ৰিং ৰোড প্ৰজেক্ট নামৰ এটা গুৰুত্বপূৰ্ণ নগৰ আন্তঃগাঁথনি প্ৰকল্প ।
তেওঁ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত কুৰুৱা-নাৰেংগী দলঙৰ আধাৰশিলা স্থাপন কৰিব, যিয়ে আঞ্চলিক সংযোগৰ যথেষ্ট উন্নতি সাধন কৰাৰ লগতে আৰ্থ-সামাজিক উন্নয়ন বৃদ্ধি কৰিব বুলি আশা কৰা হৈছে । ইয়াৰ পিছতে প্ৰধানমন্ত্ৰীয়ে গোলাঘাটৰ নুমলীগড় ভ্ৰমণ কৰিব, য’ত তেওঁ নুমলীগড় শোধনাগাৰ লিমিটেড (এন আৰ এল)ত অসম বায়’-ইথানল প্লাণ্ট উদ্বোধন কৰিব । জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰাৰ লক্ষ্যৰে স্বচ্ছ আৰু নবীকৰণযোগ্য শক্তিৰ দিশত ভাৰতৰ পদক্ষেপৰ এক গুৰুত্বপূৰ্ণ অংশ এই উদ্যোগ ।
উদ্বোধন কৰিব নিম কৰিডৰ ?
প্ৰধানমন্ত্ৰী মোদীয়ে আজি নুমলীগড়ত বিশ্বৰ প্ৰথমটো বায়’-ইথানল প্ৰকল্প আৰু পলিপ্ৰ’পাইলিন প্ৰকল্প উদ্বোধন কৰিব । প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণক স্মৰণীয় কৰি তুলিবলৈ বিশেষ উদ্যোগ লোৱা হৈছে । লেটেকুজান চাহ বাগিচাৰ মাজেৰে যোৱা প্ৰায় ২.৫ কিলোমিটাৰ দৈৰ্ঘ্যৰ পথটোক “প্ৰধানমন্ত্ৰী নিম কৰিডৰ” নামেৰে নামাকৰণ কৰা হৈছে । এই পথৰ দুয়োকাষে নিম গছ ৰোপণ কৰি এক সেউজ পৰিবেশৰ সৃষ্টি কৰা হৈছে । খুমটাইৰ বিধায়ক মৃণাল শইকীয়া আৰু লখিমপুৰৰ বিধায়ক মানৱ ডেকাই এই পদক্ষেপক সক্ৰিয়ভাৱে সমৰ্থন আগবঢ়াইছে ।
ইয়াৰ উপৰিও তেওঁ একেটা শোধনাগাৰতে পলিপ্ৰ’পাইলিন উদ্যোগৰ আধাৰশিলা স্থাপন কৰিব, যিটোৱে অসমৰ ক্ৰমবৰ্ধমান পেট্ৰ’কেমিকেল খণ্ডত এক বৃহৎ বিনিয়োগ আৰু কৰ্মসংস্থাপনৰ সুযোগ সৃষ্টি কৰাৰ লগতে অঞ্চলটোৰ ঔদ্যোগিক বিকাশৰ উত্থান ঘটাব বুলি আশা কৰা হৈছে ।
ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী-
ইয়াৰ পূৰ্বে শনিবাৰে প্ৰধানমন্ত্ৰী মোদীয়ে গুৱাহাটীত ভাৰত ৰত্ন ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত অংশগ্ৰহণ কৰে । এই অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা স্মাৰক মুদ্ৰা মুকলি কৰাৰ লগতে বিশ্ব বিশ্ৰুত শিল্পীগৰাকীৰ জীৱন ভিত্তিক এখনি গ্ৰন্থও উন্মোচন কৰে ।