এছিয়া কাপক লৈ কপিল দেৱৰ ডাঙৰ মন্তব্য
এছিয়া কাপ ২০২৫ত সূৰ্যকুমাৰ যাদৱৰ নেতৃত্বত ভাৰতীয় দলটোৱে এক সুন্দৰ আৰম্ভণি কৰিছে।প্ৰথমখন খেলত টিম ইণ্ডিয়াই ইউ এ ইক ৯ উইকেটত পৰাস্ত কৰে।
এতিয়া ভাৰতীয় দলটোৱে ১৪ ছেপ্টেম্বৰ দেওবাৰে দ্বিতীয়খন মেচত নিজৰ তীব্ৰ প্ৰতিদ্বন্দ্বী পাকিস্তানৰ বিৰুদ্ধে খেলিব।পাকিস্তানৰ বিৰুদ্ধে খেলখনৰ পূর্বে ভাৰতীয় দলৰ প্রাক্তন অধিনায়ক কপিল দেৱে এটা ডাঙৰ বক্তব্য দিছে৷
কপিল দেৱে কয় যে ভাৰতীয় দলটোৱে দুৰ্দান্ত প্ৰদৰ্শন কৰি আছে আৰু প্ৰতিযোগিতাখনত জয়ী হ’ব।অধিনায়কত্বৰ বিষয়ত কপিল দেৱে কয় যে এয়া কোনো ডাঙৰ কথা নহয়।
অধিনায়কত্বতকৈ দেশৰ হৈ খেলাটোৱেই বেছি গুৰুত্বপূৰ্ণ। প্ৰাক্তন খেলুৱৈ গৰাকীৰ মতে, টি-২০ আৰু টেষ্ট ক্ৰিকেটৰ পৰা ৰোহিত শৰ্মা আৰু বিৰাট কোহলি (ROKO) অৱসৰৰ পিছত এতিয়া যুৱ খেলুৱৈসকলে নিজকে প্ৰমাণ কৰাৰ সুযোগ পাইছে।
তেওঁ লগতে কয় যে, ‘ভাৰতীয় দলে ভাল খেলিব আৰু জয়ী হৈ আহিব, এয়া আমাৰ ইচ্ছা।আমাৰ বিশ্বাস যি ধৰণৰ ক্ৰিকেট খেলি আছে, ভাৰতীয় দলে জয়ী হ’ব।’
বিৰাট কোহলী আৰু ৰোহিত শৰ্মাৰ কথা উল্লেখ কৰি তেওঁ কয়,’তেওঁলোকৰ সময় আছিল।তেওঁলোকে অতি সুন্দৰ প্ৰদৰ্শন আগবঢ়াইছিল।ভাৰতৰ হৈ সুন্দৰ প্ৰদৰ্শন কৰিলে। এতিয়া নতুন প্ৰজন্ম আহিছে, তেওঁলোকে নিজকে প্ৰমাণ কৰিব লাগিব।’
কপিল দেৱে আৰু কয়, ‘দলৰ প্ৰদৰ্শন গুৰুত্বপূৰ্ণ, আপোনালোকে কোন অধিনায়ক আৰু কোন নহয় চাই।কিন্তু মই লক্ষ্য কৰো যে সকলোৱে দেশক প্ৰতিনিধিত্ব কৰে, যিটো সন্মানৰ কথা।দলৰ অধিনায়কত্ব ইমান ডাঙৰ কথা নহয়, কিন্তু দেশক প্ৰতিনিধিত্ব কৰাটো ডাঙৰ কথা।’
লগতে পঢ়ক: বিক্ৰী হোৱা নাই ভাৰত পাকিস্তান খেলৰ টিকট; ডুবাই ষ্টেডিয়ামৰ আধা আসন খালী