ৰায়বৰেলীত ৰাহুল গান্ধীৰ বিস্ফোৰক মন্তব্য
লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীয়ে উত্তৰ প্ৰদেশৰ নিজৰ সংসদীয় সমষ্টি ৰায়বাৰেলীলৈ দুদিনীয়া ভ্ৰমণ কৰে।
ৰায়বৰেলী ভ্ৰমণৰ দ্বিতীয় আৰু অন্তিম দিনটোত স্থানীয় সাংসদ ৰাহুল গান্ধীয়ে বচাট ভৱনত আয়োজিত এখন সভাত অংশগ্ৰহণ কৰে,য’ত উন্নয়নৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰা হৈছিল।এই বৈঠকত ৰাহুল গান্ধীয়ে পুনৰ হাইড্ৰজেন বোমাৰ বিষয়টো উত্থাপন কৰে।
ৰাহুলে কয় যে বিজেপি (ভাৰতীয় জনতা পাৰ্টি)ৰ লোক সকল যি উত্তেজিত হৈ পৰিছে, তেওঁলোকক ক’ব বিচাৰিছো যে আপোনালোক উত্তেজিত নহ’ব।
তেওঁ কয় যে, হাইড্ৰজেন বোমা আহি আছে। হাইড্ৰজেন বোমা আহিলেই সকলো পৰিষ্কাৰ হ’ব। ৰাহুল গান্ধীয়ে কয় যে সমগ্ৰ দেশত ‘ভোট চোৰ,সিংহাসন এৰি দিয়ক’ শ্লগান চলি আছে, জুইৰ দৰে বিয়পি পৰিছে।কাৰণ এইটোৱেই সত্য।
তেওঁ আৰু কয় যে ভাৰতৰ যুৱক-যুৱতীসকলে ভালদৰে শুনিব লাগে,সত্যটো হ’ল ভোট চুৰি কৰি চৰকাৰ গঠন কৰা হৈছে।ৰাহুল গান্ধীয়ে কৈছিল যে আমি নিশ্চয় আপোনালোকক প্ৰমাণ দিম।
বিহাৰ ভোটাৰ তালিকা পুনৰীক্ষণৰ বিষয়ত তেওঁ কয় যে SIR ৰ বিষয়টো বিহাৰত আছে।মহাৰাষ্ট্ৰ, হাৰিয়ানা আৰু কৰ্ণাটকৰ নিৰ্বাচনত ভোট চুৰি হৈছে।
লোকসভাৰ বিৰোধী নেতাই দাবী কৰিছিল যে আমি বেংগালুৰু চেণ্ট্ৰেলৰ ক’লা-বগা প্ৰমাণ দিলোঁ। আগন্তুক সময়ত আমি আপোনালোকক আৰু এটা বিস্ফোৰক প্ৰমাণ দিম।
মন কৰিবলগীয়া যে বুধবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ৰাহুল গান্ধীয়ে ৰায়বাৰলীত উপস্থিত হয়। বিৰোধী নেতা গৰাকী ৰায়বৰেলী ভ্ৰমণৰ বিৰুদ্ধে ইউ পি চৰকাৰৰ মন্ত্ৰী দীনেশ প্ৰতাপ সিঙৰ নেতৃত্বত বিজেপি সমৰ্থকসকলে প্ৰতিবাদ সাব্যস্ত কৰে।
লগতে পঢ়ক: নেপালত অভ্যুত্থানৰ পিছত ডাঙৰ খবৰ; প্ৰথম মহিলা প্ৰধানমন্ত্ৰী হ’ব নেকি সুশীলা কাৰ্কী?