‘ট্ৰাম্পক হৃদয়ৰ পৰা শলাগ লৈছো’
মোদী মোৰ ভাল বন্ধু বুলি আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে কৰা মন্তব্যক লৈ এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।
প্ৰধানমন্ত্ৰী মোদীয়ে ছ’চিয়েল মিডিয়া প্লেটফৰ্মত লিখিছে যে, মই আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচকতাক গভীৰভাৱে শলাগ লৈছো’।
‘মই তেওঁক সম্পূৰ্ণ সমৰ্থন কৰো।ভাৰত আৰু আমেৰিকাৰ মাজত এক অতি ইতিবাচক আৰু আগন্তুক দৃষ্টিভংগীৰ এক ব্যাপক আৰু বিশ্বব্যাপী কৌশলগত অংশীদাৰিত্ব আছে’।
ইয়াৰ পূৰ্বে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে শুল্ক যুদ্ধৰ পিছত চীন আৰু ৰাছিয়াই তেওঁক সমৰ্থন কৰা দেখি তেওঁ প্ৰধানমন্ত্ৰী মোডীক প্ৰশংসা কৰি কয়, মোদীৰ সৈতে মোৰ বন্ধুত্ব সদায় থাকিব কাৰণ তেওঁ এজন মহান প্ৰধানমন্ত্ৰী।
ট্ৰাম্পৰ এই মন্তব্যৰ পিছতে প্ৰধানমন্ত্ৰী মোদীয়ে এখোজ আগুৱাই গৈ কয় যে আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ আৱেগ আৰু আমাৰ সম্পৰ্কৰ ইতিবাচক মূল্যায়নৰ আমি সম্পূৰ্ণ হৃদয়েৰে শলাগ লৈছো।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ভাৰতক লৈ ৰাষ্ট্ৰপতি ট্ৰাম্পৰ এই ইউ টাৰ্ণক লৈ এতিয়া বিশ্বজুৰি চৰ্চা চলিছে।
লগতে পঢ়ক: আমেৰিকালৈ নাযায় প্ৰধানমন্ত্ৰী মোদী; UNGA ত ভাৰতক প্ৰতিনিধিত্ব কৰিব বৈদেশিক মন্ত্ৰী জয়শংকৰে