কেৰেলা কংগ্ৰেছ

 ‘B য়ে কেৱল বিড়ি নহয় বুদ্ধিও বুজাই, যিটো আপোনালোকৰ ওচৰত নাই’; পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ

পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ বিহাৰৰ ৰাজনীতিত বৰ্তমান সময়ত এক হুলস্থুলৰ সৃষ্টি হৈছে।কেৰালা কংগ্ৰেছৰ এটা টুইটৰ ফলত বিহাৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে। কেৰালা কংগ্ৰেছে নিজৰ অফিচিয়েল এক্স একাউণ্টত বিহাৰক বিড়িৰ সৈতে তুলনা কৰি ‘বি ফৰ বিহাৰ, বি ফৰ বিড়ি বুলি দিয়া পোষ্টৰ পিছতে হুলস্থুলৰ সৃষ্টি

পোষ্ট দি বিতৰ্কত কেৰেলা কংগ্ৰেছ

বিহাৰৰ ৰাজনীতিত বৰ্তমান সময়ত এক হুলস্থুলৰ সৃষ্টি হৈছে।কেৰালা কংগ্ৰেছৰ এটা টুইটৰ ফলত বিহাৰত ৰাজনৈতিক ধুমুহাৰ সৃষ্টি হৈছে।

কেৰালা কংগ্ৰেছে নিজৰ অফিচিয়েল এক্স একাউণ্টত বিহাৰক বিড়িৰ সৈতে তুলনা কৰি ‘বি ফৰ বিহাৰ, বি ফৰ বিড়ি বুলি দিয়া পোষ্টৰ পিছতে হুলস্থুলৰ সৃষ্টি হৈছিল।

কেৰালা কংগ্ৰেছে বিড়িৰ GST ত লৈ দিয়া এই টুইট সন্দৰ্ভত বিজেপিৰ মুখপাত্ৰ শ্বাহজাদ পুনাৱালাই কয়,কংগ্ৰেছে আকৌ এবাৰ সীমা অতিক্ৰম কৰিলে।

তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ মাতৃক গালি-গালাজ কৰাৰ পিছত কংগ্ৰেছে বিহাৰক বিড়িৰ সৈতে তুলনা কৰিছে।

তেওঁ লগতে কয় যে, ‘তেজস্বী যাদৱে এই কথাটো সমৰ্থন কৰে নেকি? ৰেৱন্ত ৰেড্ডীৰ পৰা ডি এম কে আৰু কংগ্ৰেছলৈকে বিহাৰৰ প্ৰতি তেওঁলোকৰ ঘৃণা স্পষ্টকৈ দেখা গৈছে।

JDU ৰ সাংসদ সঞ্জয় কুমাৰ ঝাই লিখিছে, ‘কংগ্ৰেছৰ আন এক অত্যন্ত লজ্জাজনক কাণ্ড!আপোনালোকক কওঁ যে B য়ে কেৱল বিড়ি নহয়, ই বুদ্ধিমত্তাকো বুজায়, যিটো আপোনাৰ নাই!

B ৰ পৰা বাজেটো হয়, , য’ত বিহাৰে বিশেষ সাহায্য পালে আপোনাৰ বিৰক্তি অনুভৱ হয়।বিহাৰক ঠাট্টা কৰাৰ দৰে নিকৃষ্ট কাম কৰি কংগ্ৰেছে কেৱল বিহাৰৰ জনসাধাৰণক আকৌ এবাৰ অপমান কৰাই নহয়,বৰঞ্চ দেশৰ গৌৰৱময় ইতিহাস আৰু গণতন্ত্ৰকো ঠাট্টা-মস্কৰা কৰা হৈছে’।

ঝাই আৰু লিখিছে যে, বিশ্বাস কৰক,বিহাৰৰ মহান জনতাই কংগ্ৰেছৰ দ্বাৰা বাৰে বাৰে কৰা অপমানৰ উপযুক্ত উত্তৰ আগন্তুক বিধানসভা নিৰ্বাচনত দিব, আৰু সেয়া বিড়িৰ ধোঁৱাৰ পৰা নহয়, ভোটৰ আঘাতৰ পৰা।

লগতে পঢ়ক: পশ্চিম বংগ বিধানসভাত প্ৰচণ্ড হুলস্থুল; ৫ বিজেপি বিধায়কক নিলম্বন