CAA সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য
বুধবাৰে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে CAAৰ অধীনত ১২ জন আবেদনকাৰীৰ মাজৰ পৰা মাত্ৰ তিনিজন বিদেশীয়েহে অসমত ভাৰতীয় নাগৰিকত্ব লাভ কৰিছে ।
এক অনুষ্ঠানত অংশগ্ৰহণ কৰি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাক মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে অসমত লাখ লাখ বিদেশীয়ে নাগৰিকত্ব লাভ কৰিব বুলি আশংকা কৰি ইমান কম সংখ্যক আবেদনৰ পটভূমিত ‘কা’ সন্দৰ্ভত আলোচনা কৰাটো অমূলক ।
অসমত CAAৰ অধীনত এতিয়ালৈকে মাত্ৰ তিনিজন লোকেহে নাগৰিকত্ব লাভ কৰিছে বুলিও মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় । কিন্তু নতুন ভাৰতীয় নাগৰিক কেইজনৰ সৈতে জড়িত সবিশেষ প্ৰকাশ কৰা নাছিল মুখ্যমন্ত্ৰীগৰাকীয়ে ।
তেওঁ কয়, “এই পৰ্যন্ত আমি মাত্ৰ ১২ খন আৱেদনহে পাইছো । বাকী ৯ খন আৱেদন বিবেচনাধীন হৈ আছে ।”
নাগৰিকত্ব (সংশোধনী) আইন, ২০১৯ৰ বিৰোধিতা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে, “অসমত ২০-২৫ লাখ লোকে নাগৰিকত্ব লাভ কৰিব বুলি হুলস্থূলীয়া পৰিৱেশৰ সৃষ্টি হৈছিল । এতিয়া ভাবক যে যেতিয়া আমি মাত্ৰ ১২খন আবেদন পাইছো তেতিয়া CAA সম্পৰ্কে আলোচনা কৰাটো প্ৰাসংগিক নেকি ।”
উল্লেখ্য যে, ২০১৪ চনৰ ৩১ ডিচেম্বৰ বা তাৰ পূৰ্বে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানৰ পৰা ভাৰতত প্ৰৱেশ কৰা হিন্দু, জৈন, খ্ৰীষ্টান, শিখ, বৌদ্ধ, আৰু পাৰ্চীসকলক পাঁচ বছৰ বাস কৰাৰ পিছত CAAৰ অধীনত ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব ।
নথি-পত্ৰবিহীন অমুছলমান প্ৰব্ৰজনকাৰীৰ নাগৰিকত্ব ক্ষিপ্ৰতাৰে লোৱাৰ বাবে সংসদে আইন গৃহীত কৰাৰ চাৰি বছৰৰ পাছত যোৱা বছৰৰ ১১ মাৰ্চত এই নিয়মসমূহ অৱগত কৰি CAA কাৰ্যকৰী কৰিছিল ।
লগতে পঢ়ক : ভাৰত চৰকাৰৰ ডাঙৰ সিদ্ধান্ত… ২০২৪ৰ ৩১ ডিচেম্বৰ পৰ্যন্ত ভাৰতত প্ৰৱেশ কৰা লোকে পাব নাগৰিকত্ব