অমিত শ্বাহে

‘গণপতি বাপ্পাৰ আশীৰ্বাদেৰে আৰম্ভ হৈছে ভাল সময়’; গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে নতুন ৰাজভৱন

গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে নতুন ৰাজভৱন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুকলি কৰিলে নতুন ৰাজভৱনৰ ‘ব্ৰহ্মপুত্ৰ উইং’। অত্যাধুনিক ৰূপত গুৱাহাটীত লুইতৰ পাৰত নিৰ্মাণ কৰা হৈছে ৰাজভৱন। ৯ হাজাৰ ৬ শ ১৩ বৰ্গ ফুট পৰিসৰত নিৰ্মান কৰা হৈছে নতুন ৰাজভৱনটো।৪১ কোটি ৩১ লাখ ৫১ হাজাৰ

গৃহমন্ত্ৰী অমিত শ্বাহে মুকলি কৰিলে নতুন ৰাজভৱন

কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মুকলি কৰিলে নতুন ৰাজভৱনৰ ‘ব্ৰহ্মপুত্ৰ উইং’। অত্যাধুনিক ৰূপত গুৱাহাটীত লুইতৰ পাৰত নিৰ্মাণ কৰা হৈছে ৰাজভৱন।

৯ হাজাৰ ৬ শ ১৩ বৰ্গ ফুট পৰিসৰত নিৰ্মান কৰা হৈছে নতুন ৰাজভৱনটো।৪১ কোটি ৩১ লাখ ৫১ হাজাৰ টকা ব্যয় সাপেক্ষে লুইতৰ পাৰত নতুনকৈ নিৰ্মাণ কৰা হৈছে এই ৰাজভৱনৰ ‘ব্ৰহ্মপুত্ৰ উইং’।

পুৰোহিতৰ মন্ত্ৰোচাৰণৰ মাজেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে উদ্বোধন কৰিলে নৱ নিৰ্মিত ৰাজভৱনটো। এই ৰাজভৱনটোত ৰাজ্যপালৰ কাৰ্যালয়, সন্মিলন কক্ষ, পুথিভঁৰাল, অপেক্ষা কক্ষ,  অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয় আছে।

ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য, মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা , কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত এই ‘ব্ৰহ্মপুত্ৰ উইং’ শুভ উদ্বোধন কৰে।

গৃহমন্ত্ৰী গৰাকীয়ে ৰাজভৱনৰ ‘ব্ৰহ্মপুত্ৰ উইং’ উদ্বোধন কৰি কয় যে, গণপতি বাপ্পাৰ আশীৰ্বাদেৰে আৰম্ভ হৈছে ভাল সময়।অসমৰ ভবিষ্যৎটো এই ৰাজভৱনটোৰ দৰেই অত্যাধুনিক হৈ পৰিব।

গৃহমন্ত্ৰী গৰাকীয়ে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যক সৌভাগ্যৱান বুলি উল্লেখ্য কৰি কয় যে ৰাজ্যপাল গৰাকী সঁচাকৈ ভাগ্যৱান।

তেওঁ নতুন ৰাজভৱন আৰু ব্ৰহ্মপুত্ৰৰ সৌন্দৰ্য উপভোগ কৰিব পাৰিব। আনহাতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ প্ৰশংসাও কৰে। গৃহমন্ত্ৰী গৰাকীয়ে কয় যে, হিমন্ত বিশ্ব শৰ্মাই যিমান কাম কৰে, সেয়া কাকোৱেই দেখুৱাই নাথাকে।

লগতে পঢ়ক: ‘চুৰি হৈছে ৰাহুল গান্ধীৰ মগজু…!’; মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নভিছৰ ডাঙৰ মন্তব্য