মল্লিকাৰ্জুন খাৰ্গেৰ বিস্ফোৰক মন্তব্য
দেওবাৰে (২৪ আগষ্ট, ২০২৫) ইন্দিৰা ভৱনত হাৰিয়ানা আৰু মধ্যপ্ৰদেশৰ নৱনিযুক্ত জিলা কংগ্ৰেছ কমিটীৰ সভাপতিৰ সৈতে হোৱা বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে কেন্দ্ৰক আক্ৰমণ কৰে।
তেওঁ অভিযোগ কৰে যে ‘ভোট চুৰি’ৰ পিছত বিজেপিয়ে এতিয়া ৩০ দিনৰ ভিতৰত বিৰোধী চৰকাৰক উফৰাই পেলোৱাৰ লক্ষ্যৰে নতুন বিধেয়কৰ জৰিয়তে ‘ক্ষমতা চুৰি’ৰ চেষ্টা চলাইছে।
তেওঁ কয় যে চৰকাৰে অনা বিধেয়কখনৰ জৰিয়তে তেওঁলোকে নাগৰিকৰ পৰা নিজৰ নিৰ্বাচিত চৰকাৰ গঠন বা অপসাৰণৰ অধিকাৰ কাঢ়ি নিব।
ইডি আৰু চিবিআইৰ দৰে এজেন্সীয়ে এই অধিকাৰ পাব। খাৰ্গে অভিযোগ কৰে যে, ‘এয়া গণতন্ত্ৰৰ ওপৰত বুলডজাৰ চলোৱাৰ দৰেই।’
কংগ্ৰেছৰ সভাপতি গৰাকীয়ে আৰু কয় যে ৰাহুল গান্ধীয়ে শেহতীয়াকৈ এক ভাষণৰ সময়ত বিতং তথ্য দিছিল যে কেনেকৈ কৰ্ণাটকৰ মহাদেৱপুৰা সমষ্টিত সুপৰিকল্পিত ষড়যন্ত্ৰৰ দ্বাৰা ভোট ‘চুৰি’ হোৱাৰ অভিযোগ উঠিছিল। তেওঁ কয়, ‘৬ মাহৰ তদন্তৰ অন্তত কংগ্ৰেছে এই সকলোবোৰ গম পালে।’
বৰ্ষাকালীন অধিবেশনৰ সন্দৰ্ভত মন্তব্য কৰি মল্লিকাৰ্জুন খাৰ্গে কয় যে বিৰোধীয়ে সংসদ কাৰ্যকৰী হোৱাটো আৰু মূল ৰাজহুৱা বিষয়সমূহৰ ওপৰত বিতৰ্ক কৰাটো বিচাৰে, কিন্তু বিজেপি চৰকাৰে ভোটাৰ তালিকাৰ বিশেষ নিবিড় পুনৰীক্ষণ (SIR) আৰু ‘ভোট চুৰি’ বুলি অভিযোগ উত্থাপন কৰাৰ দৰে বিষয়ৰ আলোচনা এৰাই চলিছে৷
বিজেপিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি খৰ্গে কয় যে চৰকাৰে SIR ব্যৱহাৰ কৰি বিৰোধীৰ ভোট কাঢ়ি নিব বিচাৰিছে।
লগতে পঢ়ক: দেশৰ কোনগৰাকী মুখ্যমন্ত্ৰীৰ হাতত কিমান ধন আছে… জানক দেশৰ আটাইতকৈ ধনী মুখ্যমন্ত্ৰী কোন !