জে পি নাড্ডাই ঘোষণা কৰিলে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম
NDA এ চূড়ান্ত কৰিছে উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থীৰ নাম। NDA ৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী হ’ব চি পি ৰাধাকৃষ্ণন।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই এই তথ্য দিছে।
জে পি নাড্ডাই কয়, ‘প্ৰধানমন্ত্ৰী মোডীৰ উপস্থিতিত সংসদীয় ব’ৰ্ডৰ বৈঠকত সৰ্বসন্মতিক্ৰমে এই সিদ্ধান্ত গ্ৰহণ কৰা হৈছে।প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত বিতং আলোচনাৰ অন্তত চি পি ৰাধাকৃষ্ণনৰ নাম অনুমোদন কৰা হৈছে।
চি পি ৰাধাকৃষ্ণন বৰ্তমান মহাৰাষ্ট্ৰৰ ৰাজ্যপাল।চি পি ৰাধাকৃষ্ণন মূলতঃ তামিলনাডুৰ বাসিন্দা আৰু বিজেপি, আৰ এছ এছ আৰু জন সংঘৰ প্ৰাক্তন নেতা আছিল।
ইয়াৰ পূৰ্বে তেওঁ ঝাৰখণ্ডৰ ৰাজ্যপাল আৰু তেলেংগানাৰ ৰাজ্যপালৰ অতিৰিক্ত দায়িত্বত আছিল। ইয়াৰ উপৰিও তেওঁ পুডুচেৰীৰ লেফটেনেণ্ট গৱৰ্ণৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰি আহিছে।
চি পি ৰাধাকৃষ্ণনে কইম্বাটুৰ (তামিলনাডু)ৰ লোকসভাৰ সাংসদ হিচাপে কাম কৰাৰ লগতে বিজেপিৰ ৰাষ্ট্ৰীয় কাৰ্যনিৰ্বাহকৰো সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।
বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তথা কেন্দ্ৰীয় মন্ত্ৰী জে পি নড্ডাই কয় যে উপ-ৰাষ্ট্ৰপতি পদৰ নিৰ্বাচন সন্দৰ্ভতো বিৰোধী পক্ষৰ লগত আলোচনা কৰা হ’ব, যাতে প্ৰাৰ্থীজনক সৰ্বসন্মতিক্ৰমে নিৰ্বাচন কৰিব পৰা যায়।
নাড্ডাই কয় যে আমি আগতে কোৱাৰ দৰে আমি তেওঁৰ সৈতে অহৰহ যোগাযোগত আছো।আমাৰ জ্যেষ্ঠ নেতাসকলে তেওঁক আগতে লগ পাইছিল আৰু ভৱিষ্যতেও যোগাযোগত থাকিব।
তেওঁ অৱগত কৰে যে বিজেপি নেতৃত্বাধীন এন ডি এয়ে উপ-ৰাষ্ট্ৰপতি পদৰ বাবে চি পি ৰাধাকৃষ্ণনক মনোনীত কৰিছে আৰু সকলো মিত্ৰশক্তিয়ে এই সিদ্ধান্তক সমৰ্থন কৰিছে।
লগতে পঢ়ক: ‘আমাৰ বাবে কোনো পক্ষ বা বিপক্ষ নাই, আমাৰ…’; ভোট চুৰিৰ অভিযোগক লৈ নিৰ্বাচন আয়োগৰ প্ৰত্যুত্তৰ