আলাস্কাত ট্ৰাম্প-পুটিনৰ বৈঠকক আদৰণি ভাৰতৰ
আলাস্কাত আমেৰিকা আৰু ৰাছিয়াৰ মাজত হোৱা শীৰ্ষ সন্মিলনক আদৰণি জনাইছে ভাৰতৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে । তেওঁ কয় যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ এই পদক্ষেপ বিশ্ব শান্তিৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ । জয়ছোৱালে কয় যে ভাৰতে এই আলোচনাত হোৱা অগ্ৰগতিৰ শলাগ লৈছে আৰু বিশ্বাস কৰে যে আলোচনা আৰু কূটনীতিৰ জৰিয়তেহে আগুৱাই যোৱাৰ পথ বিচাৰি পাব পাৰি ।
ৰনধীৰ জয়ছোৱালে আৰু কয় যে বৰ্তমান সমগ্ৰ বিশ্বই ইউক্ৰেইন যুদ্ধৰ ফালে চাই আছে আৰু সকলোৱে বিচাৰে এই সংঘাত অতি সোনকালে শেষ হওক । জয়ছোৱালে স্পষ্ট কৰি দিয়ে যে ভাৰতৰ নীতি সদায়েই আছিল যে যুদ্ধ কোনো সমস্যাৰ সমাধান নহয় । তেওঁ পুনৰ কয় যে আলোচনা আৰু পাৰস্পৰিক বুজাবুজি হৈছে শান্তিৰ আটাইতকৈ ডাঙৰ মাধ্যম ।
আলোচনাৰ ওপৰত বিশ্বৰ চকু-
আলাস্কাত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত অনুষ্ঠিত হোৱা শীৰ্ষ সন্মিলনে সমগ্ৰ বিশ্বৰ দৃষ্টি আকৰ্ষণ কৰিছিল । ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে দুয়োগৰাকী নেতাই পোনপটীয়াকৈ সাক্ষাৎ কৰিছিল । অৱশ্যে এই বৈঠকক ‘উপযোগী’ বুলি অভিহিত কৰাৰ সময়তে ট্ৰাম্পে স্পষ্ট কৰি দিয়ে যে এই মুহূৰ্তত কোনো বৃহৎ চুক্তিত উপনীত হোৱা নাই । তেওঁ কয় যে আমি কিছু অগ্ৰগতি লাভ কৰিছো, কিন্তু আমি এতিয়াও গন্তব্য স্থানত উপনীত হোৱা নাই ।
ট্ৰাম্পে এই আলোচনাক ‘অতি ইতিবাচক’ বুলি অভিহিত কৰাৰ লগতে ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি জেলেনস্কি আৰু নাটোৰ নেতাৰ সৈতে পৰৱৰ্তী পদক্ষেপৰ বিষয়ে আলোচনা কৰিব বুলিও কয় । পুটিনে ট্ৰাম্পৰ ‘বন্ধুত্বপূৰ্ণ’ ভাষা আৰু ৰাছিয়াৰ ৰাষ্ট্ৰীয় স্বাৰ্থৰ বুজাবুজিৰ প্ৰশংসা কৰে । কিন্তু আলোচনাৰ পৰা কোনো সুনিৰ্দিষ্ট ঘোষণা বা লিখিত চুক্তিৰ সৃষ্টি নহ’ল ।
লগতে পঢ়ক : ‘এই দীপাৱলীত দেশবাসীয়ে পাব ডাঙৰ উপহাৰ’; প্ৰধানমন্ত্ৰীৰ ডাঙৰ ঘোষণা