ঘোষণা হ’ল বীৰ চক্র সন্মান
ভাৰতে স্বাধীনতাৰ ৭৯ সংখ্যক বছৰত ভৰি দিবলৈ ওলাইছে। এই উপলক্ষে অপাৰেচন সেন্দুৰত নিজৰ বীৰত্ব প্ৰদৰ্শন কৰা ভাৰতীয় নিৰাপত্তা বাহিনীৰ বীৰ জোৱানসকলক তেওঁলোকৰ অসাধাৰণ বীৰত্বৰ বাবে আৰু বিশিষ্ট সেৱাৰ বাবে বীৰ চক্ৰৰে সন্মানিত কৰা হৈছে।
ইয়াৰে ভাৰতীয় বায়ুসেনাৰ ১৩জন বিষয়াক ‘যুদ্ধ সেৱা পদক’ আৰু ৯জন বিষয়াক ‘বীৰ চক্ৰ’ প্ৰদান কৰা হৈছে।
অপাৰেচন সিন্দুৰত সন্ত্ৰাসবাদী সংগঠনৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি যুঁজাৰু পাইলটকে ধৰি ৯ জন বিষয়াক ‘বীৰ চক্ৰ’ প্ৰদান কৰা হৈছে।যুদ্ধকালীন এয়া ভাৰতৰ তৃতীয় সৰ্বোচ্চ বীৰত্ব বঁটা।
এই সাহসী বিষয়াসকলে পাকিস্তানৰ মুৰিদকে আৰু বাহাৱালপুৰত সন্ত্ৰাসবাদীৰ আত্মগোপন স্থানত নিখুঁত আক্ৰমণ চলায়।
ইয়াৰ উপৰিও তেওঁলোকে পাকিস্তানৰ সামৰিক সম্পত্তিৰ যথেষ্ট ক্ষতিসাধন কৰে। ভাৰতীয় বায়ুসেনাইও এই অভিযানত কমেও ছখন পাকিস্তানী বিমান ধ্বংস কৰে।
বীৰ চক্ৰৰে সন্মানিত কৰা হৈছে-ৰঞ্জিত সিং সিদ্ধু, মনীষ অৰোৰা, এছ চি, অনিমেশ পাটনি, কুনাল কালৰা, জয় চন্দ্ৰ, সৰ্থক কুমাৰ, সিদ্ধান্ত সিং, ৰিজৱান মালিক,আৰ্শবীৰ সিং ঠাকুৰক।
সফলভাৱে প্ৰতিৰক্ষা আৰু বিমান আক্ৰমণ চলোৱাৰ বাবে ১৩গৰাকী বিষয়াক ‘যুদ্ধ সেৱা পদক’ৰে সন্মানিত কৰা হৈছে।
এই সন্মান লাভ কৰা বিষয়াসকলৰ ভিতৰত আছে এয়াৰ ভাইচ মাৰ্শ্বাল জোচেফ ছুয়াৰেছ, এয়াৰ ভাইচ মাৰ্শ্বাল প্ৰজ্বল সিং আৰু এয়াৰ কমোডৰ অশোক ৰাজ ঠাকুৰৰ দৰে জ্যেষ্ঠ বিষয়া।
লগতে পঢ়ক: অসীম মুনিৰৰ পাৰমাণৱিক ভাবুকি সন্দৰ্ভত ভাৰতে আমেৰিকাকো দিলে প্ৰত্যুত্তৰ…