বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন...

বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন… অক্ষয় কুমাৰৰ পৰা চাৰা আলী খানলৈকে সকলোৱে এনেদৰে উদযাপন কৰিলে ৰাখী

বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন আজি ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে । বলীউডৰ চেলিব্ৰিটিসকলেও নিজৰ ভাতৃ-ভগ্নীৰ সৈতে ৰাখী বান্ধি এই উৎসৱ উদযাপন কৰিছে । কংগনা ৰানাৱত, ৰাকুল প্ৰীত সিং, পলক তিৱাৰীকে ধৰি বহু বলীউডৰ তাৰকাই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ৰাখী উদযাপনৰ ছবি

বলীউডত উলহ মালহেৰে উদযাপন ৰাখী বন্ধন

আজি ভাতৃ-ভগ্নীৰ পবিত্ৰ উৎসৱ ৰাখী বন্ধন উদযাপন কৰা হৈছে । বলীউডৰ চেলিব্ৰিটিসকলেও নিজৰ ভাতৃ-ভগ্নীৰ সৈতে ৰাখী বান্ধি এই উৎসৱ উদযাপন কৰিছে । কংগনা ৰানাৱত, ৰাকুল প্ৰীত সিং, পলক তিৱাৰীকে ধৰি বহু বলীউডৰ তাৰকাই ছ’চিয়েল মিডিয়াত তেওঁলোকৰ ৰাখী উদযাপনৰ ছবি শ্বেয়াৰ কৰিছে ।

ছাৰা আলী খান-

ভাতৃ ইব্ৰাহিম আলী খানৰ লগত ৰাখী বান্ধে ছাৰা আলী খানে । ইব্ৰাহিমে ইনষ্টাগ্ৰামত ৰাখী বন্ধনৰ ছবি শ্বেয়াৰ কৰিছে । ইয়াৰ লগতে অভিনেতাগৰাকীয়ে কেপচনত লিখিছে- ‘প্ৰিয় ভগ্নী চাৰা আলী খান, মই প্ৰতিশ্ৰুতি দিছো যে মই এই জীৱনত তোমাৰ সদায় যত্ন লম, সদায় তোমাৰ কাষত থিয় দিম, সদায় সমৰ্থন কৰিম ।’

ইব্ৰাহিমে আৰু লিখিছে- ‘মই প্ৰতিশ্ৰুতি দিছো যে মই তোমাক মৰম, শক্তি আৰু মই দিব পৰা সকলোখিনি দিম ।’ চিৰদিন তোমাৰ সৰু ভাই । ৰাখীৰ শুভেচ্ছা থাকিল ।’

ছাৰাই ইব্ৰাহিমক ‘বেষ্ট ব্ৰাদাৰ’ বুলি অভিহিত কৰে

ছাৰাই এই পোষ্টটো ইনষ্টা ষ্ট’ৰীত শ্বেয়াৰ কৰি লিখিছে- ‘পৃথিৱীৰ শ্ৰেষ্ঠ ভাতৃ, ইতিমধ্যে বহু দিশত মোৰ শক্তি তুমি জনাতকৈ বেছি ।’

বলীউড অভিনেতা অক্ষয় কুমাৰে ভগ্নী অলকাৰ সৈতে ৰাখী বন্ধনৰ ফটো শ্বেয়াৰ কৰিছে । এই কথা কৈ তেওঁ কেপচনত লিখিছে- ‘মোৰ চকু মুদ খাই আছে মই মোৰ মাক দেখা পাইছোঁ আৰু চকু মেলি তোমাৰ হাঁহি । লাভ ইউ আলকা । শুভ ৰাখী ।’

পলক তিৱাৰী-

পলক তিৱাৰীয়ে ইনষ্টাগ্ৰামত ৰাখী বন্ধনৰ কিছু ফটো শ্বেয়াৰ কৰিছে । ফটোত তেওঁ কণিষ্ঠ ভাতৃক ৰাখী বান্ধি থকা দেখা গৈছে । কিছুমান ফটোত ভাতৃৰ সৈতে প’জ দিয়াও দেখা গৈছে । পোষ্টটোৰ সৈতে কেপচনত লিখিছে- ‘মোৰ এঞ্জেললৈ ৰাখীৰ শুভেচ্ছা থাকিল । দিদিয়ে তোমাক সদায় ৰক্ষা কৰিব ।’

ৰাকুল প্ৰীত সিং-

ৰাকুল প্ৰীত সিঙে ভাতৃ অমন প্ৰীত সিঙক ৰাখী বান্ধি থকা ছবিও শ্বেয়াৰ কৰিছে । কমলা ৰঙৰ চুট আৰু সোণালী কাণফুলি পিন্ধা অভিনেত্ৰীগৰাকীক অতি ধুনীয়া দেখা গৈছে । ফটোৰ সৈতে কেপচনত তেওঁ লিখিছে – ‘চিৰদিনৰ বাবে স্থায়ী ভাই-ভনীৰ বন্ধন । আমি দুয়ো সদায় ইজনে সিজনক ৰক্ষা কৰো । মোৰ ভাইটিলৈ ৰক্ষাবন্ধনৰ শুভেচ্ছা জনালোঁ ।’

কংগনা ৰাণাৱত-

সাংসদ তথা বলীউড অভিনেত্ৰী কংগনা ৰাণাৱটেও ইনষ্টাগ্ৰাম ষ্ট’ৰীত ৰাখী বন্ধন উদযাপনৰ ফটো শ্বেয়াৰ কৰিছে । হালধীয়া ৰঙৰ শাৰী পিন্ধা অভিনেত্ৰীগৰাকীক অতি আকৰ্ষণীয় দেখা গৈছে । ছবিবোৰত কেতিয়াবা ভাতৃক ৰাখী বান্ধি থকা দেখা গৈছে আৰু কেতিয়াবা ভায়েকক আশীৰ্বাদ দিয়া দেখা গৈছে । কেপচনত কংগনাই লিখিছে – ‘সকলো ভাই-ভনীলৈ মোৰ মৰম আৰু আশীৰ্বাদ ।’

প্ৰতি বছৰৰ দৰে এইবাৰো ভূমি পেডনেকাৰে ভগ্নী সমীক্ষা পেডনেকাৰক ৰাখী বান্ধিছে । ফটোসমূহ শ্বেয়াৰ কৰি লিখিছে- ‘প্ৰেমেৰে আগুৰি থকা, সুৰক্ষাবন্ধনৰ শুভেচ্ছা ।’

লগতে পঢ়ক : ৰাখী বন্ধনৰ দিনটোত সুশান্ত সিং ৰাজপুতৰ ভগ্নীৰ আৱেগভৰা পোষ্ট ; ছলমানৰ খানৰ বাবে ভগ্নীৰ বিশেষ বাৰ্তা

শেহতীয়া প্ৰৱন্ধসমূহ