ওৱেইছি

‘ভাৰতৰ ভাগ্য ইমান বেয়া নহয়…’; নেতান্যাহুৰ মন্তব্যত ক্ষোভ ওৱেইছিৰ

নেতান্যাহুৰ মন্তব্যত ক্ষোভ ওৱেইছিৰ আমেৰিকা আৰু ভাৰতৰ মাজত চলি থকা শুল্ক যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ট্ৰাম্পৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী মোদীক পৰামৰ্শ দিব। এই মন্তব্যৰ পিছতেই হায়দৰাবাদৰ সাংসদ তথা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে নেতান্যাহুক লক্ষ্য কৰি লৈছিল। ওৱেইছিয়ে কয়

নেতান্যাহুৰ মন্তব্যত ক্ষোভ ওৱেইছিৰ

আমেৰিকা আৰু ভাৰতৰ মাজত চলি থকা শুল্ক যুদ্ধৰ মাজতে ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে কয় যে ট্ৰাম্পৰ সৈতে মোকাবিলা কৰাৰ ক্ষেত্ৰত তেওঁ প্ৰধানমন্ত্ৰী মোদীক পৰামৰ্শ দিব।

এই মন্তব্যৰ পিছতেই হায়দৰাবাদৰ সাংসদ তথা এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছিয়ে নেতান্যাহুক লক্ষ্য কৰি লৈছিল।

ওৱেইছিয়ে কয় যে ভাৰত ইমান দুৰ্ভাগ্যজনক নহয় যে আমাৰ প্ৰধানমন্ত্ৰীয়ে এনে এজন যুদ্ধাপৰাধী আৰু এজন গণহত্যা কৰা দোষীৰ পৰা পৰামৰ্শ ল’বলগীয়া হৈছে, যাৰ বিৰুদ্ধে আন্তঃৰাষ্ট্ৰীয় ফৌজদাৰী আদালতৰ ৱাৰেণ্ট বাকী আছে।

আছাদুদ্দিন ওৱেইছিয়ে এক্সত এটা পোষ্ট কৰি কয়, “গাজাত ৬৫,০০০ পেলেষ্টাইনী হত্যাকাণ্ডৰ বাবে নেতান্যাহু দায়ী, ইয়াৰে ২০ হাজাৰ শিশুৰ মৃত্যু হৈছে।১২ লাখ লোক গৃহহীন হৈ পৰিছে।

ৰাষ্ট্ৰসংঘৰ ২০০০ৰো অধিক কৰ্মচাৰী নিহত হোৱাৰ লগতে ইজৰাইলৰ বিৰুদ্ধে আন্তৰ্জাতিক ন্যায়ালয়ে দুটা ৰায় প্ৰদান কৰিছে।আশাকৰোঁ নৰেন্দ্ৰ মোদীয়ে ইতিহাসৰ সোঁফালে থিয় দিব আৰু নিষ্ক্ৰিয় অংশগ্ৰহণকাৰী নহ’ব।”

ইজৰাইলৰ প্ৰধানমন্ত্ৰী বেঞ্জামিন নেতান্যাহুৱে শুকুৰবাৰে কয় যে ট্ৰাম্পৰ সৈতে কেনেদৰে মোকাবিলা কৰিব লাগে সেই সন্দৰ্ভত তেওঁ প্ৰধানমন্ত্ৰী মোদীক পৰামৰ্শ দিব।

প্ৰধানমন্ত্ৰী মোদী আৰু ট্ৰাম্প দুয়োজনেই তেওঁৰ মহান বন্ধু হোৱাৰ বাবে ব্যক্তিগত ক্ষমতাত এই কাম কৰিব বুলি কয় নেতান্যাহুৱে।

তেওঁ লগতে কয় যে, “ভাৰত আৰু আমেৰিকাৰ সম্পৰ্কত মৌলিক বুজাবুজি আছে।সম্পৰ্কৰ ভেটিটো অতি সুদৃঢ়।ভাৰত আৰু আমেৰিকাৰ স্বাৰ্থৰ বাবে তেওঁলোকে একমতত উপনীত হৈ মাচুলৰ সমস্যা সমাধান কৰিব লাগে।এনে সমাধান ইজৰাইলৰ বাবেও ভাল হ’ব কাৰণ দুয়োখন দেশ আমাৰ বন্ধু”।

লগতে পঢ়ক: ৰাছিয়া আৰু ইউক্ৰেইনৰ মাজত যুদ্ধ শেষ কৰাৰ বাবে চলিছে প্ৰস্তুতি!শীঘ্ৰে বৈঠকত মিলিত হ’ব ট্ৰাম্প আৰু পুটিন