ChatGPT ৰ CEO ৰ ডাঙৰ মন্তব্য
ChatGPT নিৰ্মাণ কৰা কোম্পানী OpenAI-এ ইয়াৰ আটাইতকৈ উন্নত AI মডেল GPT-5 মুকলি কৰিছে। এই মডেলটো মুকলি কৰাৰ পিছত কোম্পানীটোৰ চিইঅ’ ছেম অল্টমেনে ভাৰতক এআইৰ সৰ্ববৃহৎ বজাৰ বুলি অভিহিত কৰিছে।
অনাগত দিনত আমেৰিকাক এৰি ভাৰত সৰ্ববৃহৎ বজাৰ হিচাপে পৰিগণিত হ’ব।বৰ্তমান ভাৰত অ’পেনএআইৰ বাবে বিশ্বৰ দ্বিতীয় বৃহত্তম বজাৰ।ভাৰতত ChatGPT ব্যৱহাৰকাৰীৰ সংখ্যা লাখ লাখ।
জিপিটি-৫ মুকলিৰ সময়ত ছেম অল্টমেনে কয় যে ভাৰত বিশ্বৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা বজাৰ।ইয়াত ব্যক্তিগত ব্যৱহাৰকাৰীৰ পৰা ব্যৱসায়িক ব্যৱহাৰকাৰীলৈকে সকলোৱে আজিকালি দ্ৰুতগতিত এআই গ্ৰহণ কৰিছে।
সৃষ্টিশীল ক্ষেত্ৰৰ পৰা ব্যৱহাৰিক দৈনন্দিন জীৱনলৈকে এআই ব্যৱহাৰ কৰা হৈছে।ছেম অল্টমেনে কয় যে তেওঁলোকে ভাৰতীয় অঞ্চলৰ কথা মনত ৰাখি নিৰ্দিষ্ট সামগ্ৰীৰ ডিজাইন কৰি আছে।
ইয়াৰ বাবে তেওঁলোকে স্থানীয় অংশীদাৰৰ সৈতে একেলগে কাম কৰি আছে।এই প্ৰডাক্টটো ভাৰতীয় ব্যৱহাৰকাৰীৰ প্ৰয়োজন অনুসৰি প্ৰস্তুত কৰা হ’ব।
ChatGPT ৰ এই প্ৰডাক্টটোও সুলভ হ’ব, যাতে ই অধিক আৰু অধিক ব্যৱহাৰকাৰীৰ বাবে প্ৰৱেশযোগ্য হ’ব পাৰে।ছেম অল্টমেনে অহা মাহত অৰ্থাৎ ছেপ্টেম্বৰ মাহত ভাৰত ভ্ৰমণ কৰিবলৈ ওলাইছে যাতে তেওঁ ইয়াৰ মানুহ আৰু সমাজখনক বুজিব পাৰে।
লগতে পঢ়ক: WhatsApp ৰ ডাঙৰ সিদ্ধান্ত; ভাৰতত ৯৮ লাখৰো অধিক একাউণ্ট নিষিদ্ধ!









