EPIC নম্বৰৰ বিতৰ্কৰ মাজত তেজস্বী যাদৱ
বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা ৰাষ্ট্ৰীয় জনতা দলৰ নেতা তেজস্বী যাদৱ যেন ২-২ EPIC নম্বৰৰ বিতৰ্কত আবদ্ধ হৈ পৰিছে। নিৰ্বাচন আয়োগে পুনৰ তেওঁৰ ভোটাৰ আইডি কাৰ্ডৰ সবিশেষ বিচাৰিছে।
আয়োগে তেজস্বীক পৰীক্ষণৰ বাবে অহা ৮ আগষ্টৰ ভিতৰত ভোটাৰ আইডি কাৰ্ড বা ভোটাৰ আইডি জমা দিবলৈ কৈছে। তদন্তত তেজস্বীয়ে সহযোগ নকৰাত আয়োগে এই পদক্ষেপ গ্ৰহণ কৰিছে।
ইয়াৰ পূৰ্বেও আয়োগে তেওঁক EPIC কাৰ্ডৰ সন্দৰ্ভত সবিশেষ বিচাৰিছিল যদিও কোনো উত্তৰ দিয়া নাছিল আৰজেডি নেতাগৰাকীয়ে। এতিয়া নিৰ্বাচন আয়োগে পুনৰ এবাৰ তেওঁৰ ভোটাৰ আইডি কাৰ্ড জমা দিবলৈ কৈছে।
তেজস্বী যাদৱে ২ আগষ্টত সংবাদমেলত দাবী কৰিছিল যে বিহাৰত বিশেষ নিবিড় পুনৰীক্ষণৰ অধীনত প্ৰকাশ পোৱা ভোটাৰ তালিকাৰ খচৰাত তেওঁৰ নাম অন্তৰ্ভুক্ত নহয়।
তেওঁ নিজৰ মোবাইল ফোনটো স্ক্ৰীণত সংযোগ কৰি অনলাইনত ইপিআইচি নম্বৰটো বিচাৰিবলৈ চেষ্টা কৰিলে, য’ত ফলাফল আছিল ‘No record found’।
ইয়াৰ পিছত তেওঁ অভিযোগ কৰিছিল যে তেজস্বী যাদৱৰ ইপিআইচি নম্বৰটো ‘সলনি’ কৰা হৈছে। অৱশ্যে নিৰ্বাচন আয়োগে তেওঁৰ এই দাবী নাকচ কৰে।
পাটনাৰ মহকুমাধিপতি সদৰ সহ দীঘা বিধান সভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়াই তেজস্বীলৈ এখন পত্ৰ লিখি কয়, ‘আমাৰ প্ৰাৰম্ভিক তদন্তত দেখা গৈছে যে আপুনি উল্লেখ কৰা এপিক নম্বৰটো আনুষ্ঠানিকভাৱে প্ৰকাশ কৰা হোৱা নাছিল।সেয়েহে বিতং পৰীক্ষণৰ বাবে ইপিআইচি কাৰ্ডৰ মূল কপি জমা দিবলৈ অনুৰোধ জনোৱা হৈছে।’
পাটনা জিলা দণ্ডাধীশ থ্যাগৰাজা এছ.এম. তেজস্বীৰ দাবী খণ্ডন কৰি কয় তেওঁৰ ইপিআইচি নম্বৰ ভোটাৰ তালিকাৰ দৰেই, যিটো তেওঁ ২০২০ চনৰ বিধানসভা নিৰ্বাচনৰ শপতনামাত দিছিল।
লগতে তেওঁ কয় যে তেজস্বীৰ যদি আন কোনো EPIC নম্বৰ আছে, তেন্তে এইটো তদন্তৰ বিষয়, কাৰণ এজন ব্যক্তিৰ ২ খন ভোটাৰ আইডি কাৰ্ড থকাটো অবৈধ।
লগতে পঢ়ক: কৰ্তব্য ভৱন-৩ উদ্বোধন কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে; নতুন ঠিকনা লাভ কৰিলে চৰকাৰী মন্ত্ৰালয় আৰু বিভাগে