অভেলত যশস্বী জয়ছোৱালৰ দৰ্শনীয় শতক
টীম ইণ্ডিয়াৰ তাৰকা অ’পেনাৰ যশস্বী জয়ছোৱালে ইংলেণ্ডৰ বিৰুদ্ধে অন্তিমখন টেষ্টৰ অন্তিম ইনিংছত শতক অৰ্জন কৰিছে । জয়ছোৱালৰ এই শতকৰ সহায়ত এই টেষ্টত চালকৰ আসনত বহিছে ভাৰতীয় দল । যোৱা কেইটামান ইনিংছত ডাঙৰ স্ক’ৰ গঢ়াত ব্যৰ্থ হোৱা যশস্বীয়ে কঠিন পৰিস্থিতিত ভাৰতৰ হৈ অভেল টেষ্টৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰে । এই ইনিংছে টিম ইণ্ডিয়াক ইংলেণ্ডক তীব্ৰ প্ৰত্যাহ্বান জনোৱাত সহায় কৰিছে ।
অভেল টেষ্টত তৃতীয় দিনা ভাৰতীয় দলটোৱে ধৈৰ্যশীল বেটিঙেৰে প্ৰথম অধিবেশনত ১১৪ ৰান সংগ্ৰহ কৰে । আকাশদীপৰ সৈতে যশস্বী জয়ছোৱালে তৃতীয় উইকেটৰ বাবে শতকীয় অংশীদাৰিত্ব গঢ়ে । শতকৰে ইংলেণ্ড ভ্ৰমণৰ আৰম্ভণি কৰা এই অ’পেনাৰগৰাকীয়ে শেষৰখন মেচতো শতক অৰ্জন কৰে । ১২৭টা বলত ১১টা চাৰি আৰু ২টা ৬ৰ সহায়ত শতক সম্পূৰ্ণ কৰে যশস্বী জয়ছোৱালে ।
ইংলেণ্ডৰ বিৰুদ্ধে অভেল টেষ্টৰ দ্বিতীয় ইনিংছত যশস্বী জয়ছোৱালে ইংৰাজ দলটোক শলঠেকত পেলাইছিল । এই ইনিংছত তেওঁ ৫০ শতাংশ ৰান সংগ্ৰহ কৰে । ইংলেণ্ডে তেওঁক বাধা দিয়াৰ কোনো উপায় পোৱা নাছিল। ইংলেণ্ডৰ অধিনায়কৰ বাবে এয়া প্ৰত্যাহ্বান আছিল আৰু তেওঁক অসহায় যেন লাগিছিল ।
ভাৰতৰ হৈ যশস্বী জয়ছোৱালে লিডছত ১০১ ৰানৰ ইনিংছৰে শৃংখলা আৰম্ভ কৰে । দ্বিতীয়খন মেচৰ প্ৰথম ইনিংছত ৮৭ ৰান সংগ্ৰহ কৰি আউট হোৱাৰ লগতে শতক অৰ্জন কৰাৰ পৰা বঞ্চিত হয় তেওঁ । ইয়াৰ পিছত তেওঁৰ বেটে বিশেষ প্ৰদৰ্শনত ব্যৰ্থ হয় আৰু তেওঁ ২৮, ১৩ আৰু শূন্য ৰানত পেভিলিয়নমুখী হয় । শেষৰখন খেলৰ প্ৰথম ইনিংছত পুনৰ অৰ্ধশতক অৰ্জন কৰিছিল যদিও দ্বিতীয় ইনিংছত একাউণ্ট নোখোলাকৈ আউট হৈছিল তেওঁ । এতিয়া শেষৰখন খেলৰ দ্বিতীয় ইনিংছত শতক অৰ্জন কৰি শৃংখলাৰ অন্ত পেলাইছে জয়ছোৱালে ।
লগতে পঢ়ক : মহম্মদ ছিৰাজে ভংগ কৰিলে শচীন তেণ্ডুলকাৰৰ এই মহান অভিলেখ…