যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না; এদিন পূৰ্বে হৈছিল দোষী সাব্যস্ত

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না কৰ্ণাটকৰ বিশেষ আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা জনতা দল চেকুলাৰৰ নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । তথ্য অনুসৰি বিশেষ আদালতৰ ন্যায়াধীশ সন্তোষ গজনন ভাটে এই শাস্তি ঘোষণা কৰে । প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ

যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত প্ৰজ্বল ৰেভান্না

কৰ্ণাটকৰ বিশেষ আদালতে ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত হোৱা জনতা দল চেকুলাৰৰ নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাক যাৱজ্জীৱন কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰিছে । তথ্য অনুসৰি বিশেষ আদালতৰ ন্যায়াধীশ সন্তোষ গজনন ভাটে এই শাস্তি ঘোষণা কৰে । প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে ৪টা ধৰ্ষণৰ গোচৰ ৰুজু হৈছিল । এই গোচৰ হাছান জিলাৰ ৰেভান্নাৰ পৰিয়ালৰ গণিকাডা ফাৰ্ম হাউচত ঘৰুৱা সহায়ক হিচাপে কাম কৰা এগৰাকী ৪৮ বছৰীয়া মহিলাৰ সৈতে জড়িত ।

প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে কি অভিযোগ-

প্ৰাক্তন প্ৰধানমন্ত্ৰী এইচ ডি দেৱগৌড়াৰ নাতি ৰেভান্নাক ২০২১ চনত হাছানৰ তেওঁৰ ফাৰ্ম হাউচ আৰু বাংগালুৰুৰ ঘৰত দুবাৰকৈ মহিলাগৰাকীক ধৰ্ষণ কৰাৰ অপৰাধত দোষী সাব্যস্ত কৰা হৈছিল । লগতে তেওঁৰ মোবাইল ফোনতো ৰেকৰ্ডিং কৰে এই কাৰ্য্য । লগতে এই বিষয়ে মহিলাগৰাকীয়ে কাৰোবাক কলে ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিছিল ৰেভান্নাই ।

বিশেষ চৰকাৰী উকীল অশোক নায়কে কয় যে বিচাৰ বিভাগে ২৬ জন সাক্ষীৰ বক্তব্য লৈ ১৮০ টা নথি দাখিল কৰিছিল । মূল প্ৰমাণ আছিল ভুক্তভোগীৰ, যিটো আছিল অতি বিশ্বাসযোগ্য । গোচৰটোৰ তদন্ত কৰি থকা বিশেষ তদন্তকাৰী দলটোৱে ২০২৪ চনৰ ছেপ্টেম্বৰ মাহত ১৬৩২ পৃষ্ঠাৰ অভিযোগনামা দাখিল কৰিছিল । ইয়াত ১১৩ জন সাক্ষীৰ বক্তব্য সন্নিবিষ্ট কৰা হৈছিল ।

২০২৪ চনৰ ২৬ এপ্ৰিলত হাছানত অনুষ্ঠিত হ’বলগীয়া লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰজ্বল ৰেভান্নাৰ সৈতে জড়িত পৰ্ণগ্ৰাফিক ভিডিঅ’ থকা পেন ড্ৰাইভ প্ৰচাৰ হোৱাৰ অভিযোগ উত্থাপন হোৱাৰ লগে লগে বিষয়টো পোহৰলৈ আহে ।

২০২৪ বৰ্ষৰ ৩১ মে’ত জাৰ্মানীৰ পৰা বাংগালুৰু বিমানবন্দৰত উপস্থিত হোৱাৰ সময়ত প্ৰজ্বল ৰেভান্নাক এছ আই টিয়ে গ্ৰেপ্তাৰ কৰিছিল । ২০২৪ চনৰ লোকসভা নিৰ্বাচনত হাছান সংসদীয় সমষ্টিত পৰাস্ত হৈছিল ৰেভান্না । তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা গোচৰৰ পিছতে তেওঁক দলৰ পৰা নিলম্বন কৰা হয় ।

লগতে পঢ়ক : ‘ভোটাৰ তালিকাত নিজৰ নাম ভালদৰে পৰীক্ষা কৰক’… তেজস্বী যাদৱৰ অভিযোগৰ উত্তৰ নিৰ্বাচন আয়োগৰ

শেহতীয়া প্ৰৱন্ধসমূহ