প্ৰজ্বল ৰেভান্না ধৰ্ষণৰ গোচৰত দোষী সাব্যস্ত
শুকুৰবাৰে বেংগালুৰুৰ এখন বিশেষ আদালতে জনতা দলৰ (চেকুলাৰ) নেতা তথা প্ৰাক্তন সাংসদ প্ৰজ্বল ৰেভান্নাক ধৰ্ষণ গোচৰত দোষী সাব্যস্ত কৰিছে।
হাছান জিলাৰ হোলেনাৰসীপুৰা গ্ৰাম্য থানাত তেওঁৰ বিৰুদ্ধে ৰুজু হোৱা এইটোৱেই আছিল প্ৰথম ধৰ্ষণৰ গোচৰ।প্ৰজ্বল ৰেভান্নাৰ বিৰুদ্ধে এই গোচৰক লৈ বহু চৰ্চিত হৈছিল।
এতিয়া এই গোচৰৰ শাস্তি শনিবাৰে ঘোষণা কৰা হ’ব।বেংগালুৰু বিশেষ আদালতত এই গোচৰৰ শুনানি চলি আছে।
যোৱা বছৰ ৰুজু হোৱা চাৰিটা অপৰাধমূলক গোচৰৰ প্ৰধান অভিযুক্ত ৰেভান্না।যেতিয়া ২০০০ৰো অধিক পৰ্ণগ্ৰাফিক ভিডিঅ’ ক্লিপ উদ্ধাৰ কৰা হৈছিল, য’ত কেইবাগৰাকীও মহিলাৰ ওপৰত যৌন নিৰ্যাতন কৰা বুলি অভিযোগ উঠিছিল।এই সকলোবোৰ ভিডিঅ’ ক্লিপ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল।
২০২৪ চনৰ এপ্ৰিল মাহত এগৰাকী মহিলাই ৰেভান্নাৰ বিৰুদ্ধে প্ৰথম এজাহাৰ দাখিল কৰিছিল।যিয়ে ৰেভান্নাৰ পত্নীৰ ফাৰ্ম হাউচত ঘৰুৱা সহায়িকা হিচাপে কাম কৰিছিল।
সহায়িকা গৰাকীয়ে ৰেভান্নাৰ বিৰুদ্ধে ২০২১ চনৰ পৰা বাৰে বাৰে ধৰ্ষণ কৰা, কাৰোবাক এই বিষয়ে ক’লে এই নিৰ্যাতনৰ ভিডিঅ’ মুকলি কৰাৰ ভাবুকি দিছিল বুলি অভিযোগ উত্থাপন কৰিছিল।
লগতে পঢ়ক: ‘আত্মহত্যা কৰিবলৈ মন গৈছিল…’; বিবাহ বিচ্ছেদক লৈ যুজবেন্দ্ৰ চাহালে ভংগ কৰিলে মৌনতা