অপাৰেচন সিন্দুৰক লৈ লোকসভাত ৰাজনাথ সিঙৰ মন্তব্য
লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত চলি থকা বিতৰ্কত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পহলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ পিছত ভাৰতীয় সশস্ত্ৰ বাহিনীয়ে গ্ৰহণ কৰা পদক্ষেপক সম্পূৰ্ণৰূপে ন্যায্যতা প্ৰদান কৰি স্পষ্ট কৰি দিয়ে যে এই অভিযান সেনাবাহিনীৰ তিনিওটা সেৱাৰ মাজত উৎকৃষ্ট সমন্বয়ৰ এক অতুলনীয় উদাহৰণ, যিয়ে পাকিস্তানৰ প্ৰতিটো সন্ত্ৰাসবাদী কাৰ্য্যৰ উপযুক্ত উত্তৰ দিছিল । তেওঁ কয় যে আমি পাকিস্তানক তেওঁলোকৰ নিজৰ ভাষাতে প্ৰত্যুত্তৰ দিলোঁ ।
লোকসভাত অপাৰেচন সিন্দুৰ সন্দৰ্ভত ৰাজনাথ সিঙে কয় যে ৬, ৭ মে’ত এক ঐতিহাসিক সামৰিক অভিযান সংঘটিত হৈছিল, এয়া কেৱল সামৰিক অভিযানেই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে আমাৰ শক্তিশালী পদক্ষেপ । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে স্পষ্ট কৰি দিয়ে যে পাকিস্তানে পৰাজয় মানি লোৱাৰ পিছত ভাৰতে যুদ্ধবিৰতি কৰিছিল, ইয়াত আন কাৰো কোনো ভূমিকা নাই ।
মাত্ৰ ২২ মিনিটত সম্পূৰ্ণ হৈছিল-
সিঙে দৃঢ়তাৰে কয় যে কোনো বাহ্যিক হেঁচাত অপাৰেচন সিন্দুৰ বন্ধ কৰা হোৱা নাছিল বৰঞ্চ নিৰ্ধাৰিত লক্ষ্য সফলতাৰে লাভ কৰাৰ পিছতহে বন্ধ কৰা হৈছিল । তেওঁ পুনৰ কয় যে এই অভিযান সম্পূৰ্ণ সফল হোৱাৰ লগতে ভাৰতীয় সেনাই নিজৰ সকলো লক্ষ্যত উপনীত হয় । তেওঁ কয় যে ভাৰতৰ লক্ষ্য যুদ্ধ চলোৱা নহয় বৰঞ্চ সন্ত্ৰাসবাদী আন্তঃগাঁথনি ধ্বংস কৰা, যিটো মাত্ৰ ২২ মিনিটতে সম্পন্ন হয় । প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে কয় যে যিকোনো হেঁচাত অপাৰেচন সিন্দুৰ বন্ধ কৰা হ’ল বুলি কোৱাটো ভুল; পাকিস্তানৰ অনুৰোধ আৰু ডি জি এম অ’ পৰ্যায়ত আলোচনাৰ পিছতহে ইয়াক বন্ধ কৰা হৈছিল ।
অপাৰেচন সিন্দুৰত নিহত সন্ত্ৰাসবাদী-
ৰাজনাথ সিঙে অৱগত কৰে যে অপাৰেচন সিন্দুৰ চলোৱাৰ পূৰ্বে প্ৰতিটো দিশৰ ওপৰত পুংখানুপুংখভাৱে অধ্যয়ন কৰা হৈছিল । কেৱল সন্ত্ৰাসবাদী আৰু আত্মগোপন স্থানক লক্ষ্য কৰি লোৱা আৰু পাকিস্তানৰ সাধাৰণ নাগৰিকৰ কোনো ক্ষতি নহয় বুলি নিশ্চিত কৰা হৈছিল । তেওঁ লোকসভাত কয় যে এই অভিযানত ১০০ৰো অধিক সন্ত্ৰাসবাদী নিহত হৈছে । তেওঁ ‘অপাৰেচন সিন্দুৰ’ক কেৱল সামৰিক অভিযানেই নহয়, সন্ত্ৰাসবাদৰ বিৰুদ্ধে ভাৰতৰ নীতিৰ নিৰ্ণায়ক প্ৰকাশ বুলি অভিহিত কৰে ।
বিৰোধীক তীব্ৰ সমালোচনা-
প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিৰোধী দলসমূহক লক্ষ্য কৰি কয় যে পাকিস্তানে ভাৰতৰ কোনো এটা লক্ষ্যত আঘাত কৰিব নোৱাৰে আৰু কোনো সম্পত্তিৰ ক্ষতি কৰিব নোৱাৰে । তেওঁ বিৰোধী দলক সমালোচনা কৰি কয় যে ভাৰতীয় বাহিনীয়ে শত্ৰুৰ কিমান বিমান ধ্বংস কৰিলে বুলি কেতিয়াও প্ৰশ্ন কৰা নাই, কিন্তু তেওঁলোকে কেৱল নিজৰ বিমান হেৰুওৱাতহে গুৰুত্ব দিছে । ৰাজনাথ সিঙে কয় যে ইয়াৰ দ্বাৰা জনসাধাৰণৰ আৱেগক শুদ্ধকৈ প্ৰতিনিধিত্ব কৰা নহয় । তেওঁ বিৰোধীক প্ৰত্যাহ্বান জনায় যে যদি তেওঁলোকে প্ৰশ্ন কৰিব লাগে, তেন্তে তেওঁলোকে সুধিব লাগে যে অপাৰেচন সিন্দুৰ সফল হ’ল নে, যাৰ প্ৰত্যক্ষ উত্তৰ হ’ল ‘হয়’ ।
সিঙে বিৰোধী দলক সমালোচনা কৰি কয় যে পৰীক্ষাত কলম বা পেঞ্চিল ভাঙিলে চিন্তা কৰিব নালাগে, বৰঞ্চ ফলাফলৰ ওপৰত গুৰুত্ব দিব লাগে । তেওঁ বুজাই দিলে, ‘যেতিয়া লক্ষ্যবোৰ ডাঙৰ হয়, তেতিয়া সৰু সৰু বিষয়বোৰত গুৰুত্ব দিয়া উচিত নহয় । ইয়াৰ ফলত দেশৰ নিৰাপত্তা, সৈনিকৰ সন্মান আৰু উৎসাহৰ পৰা মনোযোগ আঁতৰি যাব পাৰে ।’
লগতে পঢ়ক : শ্ৰীনগৰত পহলগাম আক্ৰমণত জড়িত সন্ত্ৰাসবাদী নিহত; ভাৰতীয় সেনাৰ বৃহৎ সফলতা