জলবায়ু পৰিৱৰ্তনৰ ভয়ংকৰ প্ৰভাৱ
টুৱালু প্ৰশান্ত মহাসাগৰৰ এখন সৰু দ্বীপ ৰাষ্ট্ৰ । শেহতীয়াকৈ জলবায়ু পৰিৱৰ্তনৰ ভয়ানক বোজাৰ সন্মুখীন হৈছে এই দেশখন । এই দেশখনক এতিয়া সাগৰৰ বুকুত ডুব যোৱাৰ ভাবুকিৰ সন্মুখীন হৈছে । সেয়েহে এতিয়া আৰম্ভ হৈছে বিশ্বৰ প্ৰথম পৰিকল্পিত ৰাষ্ট্ৰীয় প্ৰব্ৰজন । ১৬ জুনত আৰম্ভ হোৱা ভিছা আবেদনত ৫,১৫৭ জন লোকে (জনসংখ্যাৰ প্ৰায় আধা) অষ্ট্ৰেলিয়াত আশ্ৰয়ৰ বাবে পঞ্জীয়ন কৰিছে ।
ইতিমধ্যে ১৮ জুলাইত আৱেদন প্ৰক্ৰিয়া বন্ধ হৈছে । প্ৰতি বছৰে টুৱালুৰ পৰা ২৮০ জন লোক অষ্ট্ৰেলিয়ালৈ যাব পাৰিব । জলবায়ু পৰিৱৰ্তনৰ ভয়ানক প্ৰভাৱৰ বাবেই এই সকলোবোৰ ঘটিছে ।
জলবায়ু পৰিৱৰ্তনৰ ভয়ানক প্ৰভাৱ-
অষ্ট্ৰেলিয়া আৰু হাৱাইৰ মাজত অৱস্থিত টুৱালু নটা নিম্নভূমিৰ এটল (প্ৰবাল প্ৰাচীৰে আগুৰি থকা দ্বীপ)ৰে গঠিত আৰু ইয়াৰ গড় উচ্চতা মাত্ৰ ৬ ফুট (২ মিটাৰ) । সৰ্বোচ্চ বিন্দুটো মাত্ৰ ১৫ ফুট (৪.৫ মিটাৰ) ।
বিগত ৩০ বছৰত সাগৰৰ জলপৃষ্ঠ ৬ ইঞ্চি (১৫ চেণ্টিমিটাৰ) বৃদ্ধি পাইছে । বিজ্ঞানীসকলে কৈছে যে ২০৫০ চনৰ ভিতৰত টুৱালুৰ আধা অংশ ডুব যাব । ২১০০ চনৰ ভিতৰত দেশখনৰ ৯০%তকৈ অধিক ভূমি নোহোৱা হৈ যাব পাৰে ।
ইয়াৰ লগতে ধুমুহা, বানপানী আৰু জোৱাৰ-ভাটাৰ ঢৌৱে টুৱালুক বিধ্বস্ত কৰি তুলিছে । সাগৰৰ নিমখীয়া পানী মিঠা পানীৰ কুঁৱাত প্ৰৱেশ কৰি খোৱাপানী আৰু শস্য নষ্ট কৰিছে । মানুহে নিজৰ শস্য মাটিৰ ওপৰলৈ তুলিবলৈ বাধ্য হৈছে, কিন্তু এই উপায় সদূৰ প্ৰসাৰী নহ’ব । নাছাৰ তথ্য অনুসৰি ২০৫০ চনৰ ভিতৰত ৬০% লোক বাস কৰা ফুনাফুটি (ৰাজধানী)ৰ আধা অংশ প্ৰতিদিনে পানীত ডুব যাব ।
অষ্ট্ৰেলিয়া-টুৱালু ফালেয়াপিলি ইউনিয়ন চুক্তি
এই ভয়াৱহ পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ ২০২৩ চনত অষ্ট্ৰেলিয়া আৰু টুৱালুৱে ২০২৪ চনৰ পৰা বলবৎ হোৱা ফালেয়াপিলি ইউনিয়ন চুক্তিত স্বাক্ষৰ কৰে । এয়া বিশ্বৰ প্ৰথমখন এনে চুক্তি, য’ত জলবায়ু পৰিৱৰ্তনৰ ফলত প্ৰভাৱিত এখন সমগ্ৰ দেশৰ প্ৰব্ৰজনৰ পৰিকল্পনা কৰা হৈছে ।
এই সন্ধিৰ অধীনত প্ৰতি বছৰে ২৮০ জন টুৱালুবাসীয়ে অষ্ট্ৰেলিয়ালৈ যাব পাৰিব । ১৬ জুনৰ পৰা ১৮ জুলাইলৈ ভিছাৰ বাবে পঞ্জীয়ন আৰম্ভ হৈছিল । প্ৰথম চাৰিদিনত ৩১২৫ জন লোকে আবেদন কৰিছিল । এই পৰ্যন্ত ৫,১৫৭ জন লোকে নিজৰ ভাগ্য চেষ্টা কৰিছে, যিটো দেশৰ জনসংখ্যাৰ প্ৰায় আধা (১১,০০০) ।
এই ভিছাৰ সহায়ত টুৱালুৰ লোকসকলে অষ্ট্ৰেলিয়াত থাকিব পাৰিব, কাম কৰিব পাৰিব, অধ্যয়ন কৰিব পাৰিব আৰু অষ্ট্ৰেলিয়াৰ নাগৰিকৰ দৰে স্বাস্থ্য আৰু শিক্ষাৰ সুবিধা লাভ কৰিব । যেতিয়াই মন যায় টুৱালুলৈ উভতি যাব পাৰিব, কিন্তু ডুব যোৱা দেশখনলৈ এইসকল লোক ঘূৰি যোৱাৰ আশা কমি আহিছে ।
অষ্ট্ৰেলিয়া চৰকাৰে কয় যে জলবায়ু পৰিৱৰ্তনে এই লোকসকলৰ জীৱন, নিৰাপত্তা আৰু ভৱিষ্যত ধ্বংস কৰি থকাৰ সময়তে এয়া “গৌৰৱেৰে প্ৰব্ৰজন”ৰ উপায় ।
জলবায়ু পৰিৱৰ্তনৰ ফলত টুৱালু ভয়ংকৰ সংকটৰ সন্মুখীন হৈছে । বৃদ্ধি পোৱা সাগৰৰ পানীয়ে কেৱল মাটি গিলি পেলোৱাই নহয়, মাছ ধৰাৰ দৰে জীৱিকাৰ উপায়ো ধ্বংস কৰিছে । সাগৰীয় জীৱ-জন্তু আৰু উপকূল সুৰক্ষিত কৰি ৰখা প্ৰবাল প্ৰাচীৰসমূহো মৃত্যুমুখত পৰিছে ।
লগে লগে দেশখনৰ মানুহে ঘৰ-বাৰী হেৰুৱাইছে । খাদ্য আৰু পানীৰ নাটনি গভীৰ হৈ পৰিছে । বিজ্ঞানীসকলে আশংকা কৰিছে যে ৮০ বছৰৰ পাছত টুৱালু সম্পূৰ্ণৰূপে বসবাস কৰিব নোৱাৰা হৈ পৰিব ।
লগতে পঢ়ক : এছিয়াৰ আটাইতকৈ বয়সীয়াল হাতী বাৎসালা আৰু নাই; ১০০ বছৰতকৈয়ো অধিক বয়সত মৃত্যু