‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰিছে…’
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আজি বিহাৰ আৰু পশ্চিমবংগ ভ্ৰমণত আছে।প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ মতিহাৰী জিলাত আধাৰশিলা স্থাপন কৰাৰ লগতে ৭২০০ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে।
ইয়াৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীয়ে পশ্চিম বংগৰ দুৰ্গাপুৰত আধাৰশিলা স্থাপন কৰাৰ লগতে ৫০০০ কোটিৰো অধিক টকাৰ কেইবাটাও উন্নয়নমূলক প্ৰকল্পৰ শুভাৰম্ভ কৰে। ইয়াত তেল আৰু গেছ, বিদ্যুৎ, পথ আৰু ৰে’ল আদি বিভিন্ন খণ্ড অন্তৰ্ভুক্ত কৰা হৈছে।
দুৰ্গাপুৰত উপস্থিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে কয় যে, ‘পশ্চিম বংগত ৰে’ল সংযোগ উন্নত কৰাৰ বাবে বহু কাম কৰা হৈছে।পশ্চিম বংগ দেশৰ সেই ৰাজ্যসমূহৰ ভিতৰত অন্যতম য’ত বৃহৎ সংখ্যক বন্দে ভাৰত ৰে’ল চলি আছে।
বংগৰ দুৰ্গাপুৰত এখন সভাত ভাষণ দি পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰী মোদীয়ে।
তেওঁ কয় যে ‘পশ্চিম বংগই পৰিৱৰ্তন বিচাৰে। ইয়াৰ মাজতে তেওঁ বংগবাসীৰ সৈতে পোনপটীয়াকৈ সংযোগ স্থাপনৰ বাবে বাংলা ভাষাত কেইশাৰীমান কথা কোৱাও দেখা গ’ল’।
তেওঁ কয় যে ‘কেন্দ্ৰীয় চৰকাৰে বংগৰ উন্নয়নৰ বাবে কাম কৰি আছে। বিজেপিয়ে বংগৰ বাবে ডাঙৰ সপোন দেখিছে’।
‘অহা বছৰ বংগত অনুষ্ঠিত হ’ব বিধানসভা নিৰ্বাচন।বিজেপিৰ তৰফৰ পৰা অনুৰোধ জনালোঁ যে এবাৰ বিজেপিক সুযোগ দিয়ক’।
প্ৰধানমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, ‘বিগত দশকবোৰত এই খণ্ডত বিনিয়োগ আৰু নিয়োগৰ পৰিস্থিতি ক্ৰমান্বয়ে প্ৰতিকূল হৈ পৰিছে’।
‘সঘনাই হিংসাৰ ঘটনা, পক্ষপাতপূৰ্ণ পুলিচ ব্যৱস্থা আৰু ন্যায় ব্যৱস্থাৰ প্ৰতি অনাস্থাই এনে এক পৰিৱেশৰ সৃষ্টি কৰিছে য’ত বিনিয়োগৰ ক্ষেত্ৰত কোনেও আত্মবিশ্বাসী অনুভৱ নকৰে’।
‘জীৱন আৰু ব্যৱসায়ৰ সুৰক্ষাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ অক্ষমতাই সম্ভাৱ্য বিনিয়োগকাৰীৰ চিন্তা আৰু অধিক গভীৰ কৰি তোলে’।
‘কঠোৰ পৰিশ্ৰমী, সৎ আৰু শক্তিশালী চৰকাৰ বাছি লওক। বংগৰ উন্নয়নৰ সন্মুখত টিএমচি চৰকাৰ দেৱালৰ দৰে থিয় হৈ আছে’।
‘যিদিনা টিএমচি চৰকাৰৰ এই দেৱালখন সৰি পৰিব, সেইদিনা বংগই উন্নয়নৰ এক নতুন গতি ল’ব। বংগত প্ৰকৃত পৰিৱৰ্তন তেতিয়াহে আহিব যেতিয়া ইয়াৰ পৰা টিএমচি চৰকাৰ যাব’।
লগতে পঢ়ক: চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ মন্ত্ৰী এছ জয়শংকৰৰ; দিলে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তা