কুলদীপ যাদৱ হ’ব নেকি ট্ৰাম্প কাৰ্ড?
ভাৰত আৰু ইংলেণ্ডৰ মাজত দ্বিতীয়খন টেষ্ট মেচ এডগবাষ্টনত অনুষ্ঠিত হ’ব। এই মেচখন ২ জুলাইৰ পৰা আৰম্ভ হ’ব ।এই মেচ আৰম্ভ হোৱাৰ আগতে ভাৰতীয় দলৰ প্লেয়িং একাদশক লৈ বহু চৰ্চা চলিছে।
কোৱা হৈছে যে এই টেষ্ট মেচৰ বাবে ভাৰতৰ প্লেয়িং একাদশৰ পৰিৱৰ্তন হ’ব পাৰে।হয়টো ৱৰ্কলোড মেনেজমেণ্টৰ বাবে দ্বিতীয়খন টেষ্ট মেচ খেলিব নোৱাৰিবও পাৰে দ্ৰুত বলাৰ জসপ্ৰীত বুমৰাহে।
তেওঁৰ ঠাইত আৰ্শদীপ সিঙে সুযোগ পাব পাৰে।আনহাতে কুলদীপ যাদৱেও প্লেয়িং একাদশত প্ৰৱেশ কৰিব পাৰে। বহু প্ৰাক্তন ক্ৰিকেটাৰে এই ষ্টাৰ স্পিনাৰ গৰাকীক প্লেয়িং একাদশত অন্তৰ্ভুক্ত কৰাৰ বাবে দাবী জনাইছে।
ইংলেণ্ডত কুলদীপ যাদৱৰ টেষ্ট অভিলেখ কেনেকুৱা?
কুলদীপ যাদৱে এতিয়ালৈকে ইংলেণ্ডত মাত্ৰ এখন হে টেষ্ট মেচ খেলাৰ সুযোগ পাইছে।২০১৮ চনত লৰ্ডছত এই মেচখন খেলিছিল।
সেই মেচত কুলদীপে মাত্ৰ ৯ অভাৰত বলিং কৰিছিল, য’ত তেওঁ ৪৪ ৰান দি এটাও উইকেট ল’ব পৰা নাছিল।সেই মেচত ইংলেণ্ডে মাত্ৰ এবাৰহে বেটিং কৰিছিল।
সেই মেচত ভাৰতে এটা ইনিংছ আৰু ১৫৯ ৰানেৰে পৰাজয়ৰ সন্মুখীন হ’বলগীয়া হৈছিল।তাৰ পিছত কুলদীপে এতিয়ালৈকে ইংলেণ্ডত টেষ্ট মেচ খেলাৰ সুযোগ পোৱা নাই।
ইংলেণ্ডৰ বিৰুদ্ধে কুলদীপৰ প্ৰদৰ্শন যথেষ্ট ভাল
ইংলেণ্ডৰ বিৰুদ্ধে এই পৰ্যন্ত ৬ খন টেষ্ট মেচ খেলি কুলদীপে তাত ২১ টা উইকেট দখল কৰিছে।এই সময়ছোৱাত তেওঁৰ গড় ২২.২৮ আৰু ষ্ট্ৰাইক ৰেট ৩৮.৭। এই ৬ খন টেষ্ট মেচৰ ভিতৰত ৫ খন ভাৰতত অনুষ্ঠিত হৈছে।
এই সময়ছোৱাত তেওঁৰ সৰ্বোত্তম প্ৰদৰ্শন হৈছে ৭২ ৰানত ৫টা উইকেট।কুলদীপে ২০২৪ চনত ইংলেণ্ডৰ বিৰুদ্ধে শৃংখলাত চাৰিখন টেষ্ট খেলি এই সময়ছোৱাত ১৯টা উইকেট দখল কৰিছিল।
এতিয়া লক্ষ্যণীয় যে অধিনায়ক শুভমন গীলে তেওঁক এডগবাষ্টন টেষ্টত সুযোগ দিব নে নিদিয়ে।দ্বিতীয়খন টেষ্ট মেচত যদি কুলদীপে সুযোগ পায় তেন্তে তাত বলিংত প্ৰভাৱ পেলাব বিচাৰিব।
লগতে পঢ়ক: ২৫ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপ জয়ৰ ওপৰত চকু জ’কভিচৰ; সোমবাৰৰ পৰা আৰম্ভ হ’ব উইম্বলডন