ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্য চুক্তি
ভাৰত আৰু আমেৰিকাৰ মাজত অন্তৱৰ্তীকালীন বাণিজ্য চুক্তিৰ কথা ৮ জুলাইত ঘোষণা কৰা হ’ব পাৰে।এই চুক্তিৰ চৰ্তসমূহৰ ওপৰত দুয়োখন দেশৰ মাজত সহমত প্ৰকাশ কৰা হৈছে।
জানিব পৰা মতে,ভাৰতৰ হৈ বাণিজ্য বিভাগৰ বিশেষ সচিব ৰাজেশ আগৰৱাল এই চুক্তিৰ মুখ্য আলোচনাপন্থী আছিল, যাৰ নেতৃত্বত এই চুক্তিখন ৱাশ্বিংটনত চুক্তিবদ্ধ হৈছিল।
এই চুক্তি এনে সময়ত হ’ব, যেতিয়া ট্ৰাম্পৰ দ্বাৰা বিশ্বৰ দেশসমূহৰ ওপৰত আৰোপ কৰা পাৰস্পৰিক শুল্কৰ সময়সীমা ৯ জুলাইত শেষ হ’ব।
উল্লেখ্য যে, ২ জুলাইৰ পৰা ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সমগ্ৰ বিশ্বতে কেইবাটাও পাৰস্পৰিক শুল্ক আৰোপ কৰিছিল।
কিন্তু এই শুল্কক লৈ হোৱা হুলস্থুলৰ পিছত ভাৰতৰ ওপৰত আৰোপ কৰা ২৬ শতাংশ পাৰস্পৰিক শুল্ক ৯ জুলাইলৈকে স্থগিত ৰাখিছিল।
অৱশ্যে ভাৰতৰ বাবে ১০ শতাংশ ভিত্তি ৰেখা শুল্ক অব্যাহত আছে।ভাৰতে এই ২৬ শতাংশ অতিৰিক্ত শুল্কৰ পৰা ৰেহাই পাবলৈ চেষ্টা কৰিছিল।শীঘ্ৰেই ইয়াৰ আনুষ্ঠানিক ঘোষণা কৰা হ’ব। শেহতীয়াকৈ আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পেও ইয়াৰ ইংগিত দিছিল।
শুল্কৰ সময়সীমা সন্দৰ্ভত কি ক’লে ট্ৰাম্পে?
ট্ৰাম্পে এটা সাক্ষাৎকাৰত কয় যে, “আমি নিৰিক্ষণ কৰিম যে কোনো এখন দেশে আমাৰ লগত কেনে ব্যৱহাৰ কৰে। সঁচাকৈ তেওঁলোক ভাল হয় নে নহয়”।
“কিছুমান দেশ আছে যাক আমি গুৰুত্ব নিদিওঁ, আমি মাত্ৰ বৃহৎ সংখ্যক পঠাম।চিঠিবোৰত লিখা থাকিব, অভিনন্দন, আমি আপোনাক আমেৰিকাত বজাৰ কৰিবলৈ অনুমতি দিছো, আপুনি ২৫, ৩৫, ৫০ শতাংশ বা ১০ শতাংশ দিব লাগিব।”
ভাৰত-আমেৰিকাৰ বাণিজ্য চুক্তিত এই বিষয়সমূহৰ ওপৰত আলোচনা
ভাৰতৰ সৈতে হোৱা প্ৰস্তাৱিত বাণিজ্যিক চুক্তিত আমেৰিকাই কিছুমান বিশেষ উদ্যোগিক সামগ্ৰী, বৈদ্যুতিক বাহন, ৱাইন, পেট্ৰ’কেমিকেল সামগ্ৰী, দুগ্ধ আৰু কৃষিজাত সামগ্ৰী যেনে আপেল, গছৰ বাদাম, জিনীয়ভাৱে পৰিৱৰ্তিত শস্যৰ ওপৰত শুল্ক ৰেহাই বিচাৰিছে।
ভাৰতে বস্ত্ৰ, ৰত্ন, গহনা, চামৰাৰ সামগ্ৰী, পোছাক, প্লাষ্টিক, ৰাসায়নিক পদাৰ্থ, চিংৰা, তৈলবীজ, আঙুৰ, কল আদি শ্ৰমিক নিবিড় খণ্ডৰ বাবে ৰেহাই বিচাৰিছে।
ভাৰতে কৃষি দুগ্ধ খণ্ডত আমেৰিকাক শুল্ক ৰেহাই দিব নিবিচাৰে কিয়নো কোনো মুক্ত বাণিজ্য চুক্তিত দুগ্ধজাত সামগ্ৰী মুকলি কৰা হোৱা নাই।
লগতে পঢ়ক: ‘আল্লাহৰ শত্ৰু’;ট্ৰাম্প আৰু নেতান্যাহুৰ বিৰুদ্ধে ইৰাণৰ ছিয়া ধৰ্মগুৰুয়ে জাৰি কৰিলে ফতোৱা