‘সংবিধানৰ পৰা সমাজবাদী, ধৰ্মনিৰপেক্ষতাক আঁতৰোৱাৰ সোণালী সময়’
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কয় যে সংবিধানৰ পৰা ‘সমাজবাদী’ আৰু ‘ধৰ্মনিৰপেক্ষতা’ শব্দ দুটা আঁতৰোৱাৰ বাবে এয়া সোণালী সময় । তদানীন্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ নেতৃত্বত ৪২ সংখ্যক সংশোধনীৰ জৰিয়তে দুটা শব্দ যোগ কৰি সংবিধান সম্পূৰ্ণৰূপে সলনি কৰা বুলিও তেওঁ অভিযোগ কৰে ।
তেওঁ কয় যে “জৰুৰীকালীন অৱস্থাৰ ৫০ বছৰ পাছত, য’ত আৰ এছ এছ বা দেশৰ বহু বুদ্ধিজীৱীসকল, তেওঁলোকে কৈছে যে সংবিধানৰ পৰা সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ শব্দ আঁতৰোৱাৰ বাবে এইখন সোণালী সময় । আমি এক পৰিপক্ক গণতন্ত্ৰ… আমাক বৃটিছ বা আমেৰিকাৰ সংবিধানৰ পৰা ধৰ্মনিৰপেক্ষ শব্দ গ্ৰহণ কৰাৰ প্ৰয়োজন নাই; আমি আমাৰ ধৰ্মনিৰপেক্ষতা ভাগৱত গীতাৰ পৰা লম ।”
মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতীয় ধৰ্মনিৰপেক্ষতাৰ ধাৰণাটো সংবিধানৰ ১৪ নং অনুচ্ছেদত ইতিমধ্যে সন্নিৱিষ্ট হৈ আছে, যিয়ে সকলো ব্যক্তিকে আইনৰ সন্মুখত সমতাৰ নিশ্চয়তা প্ৰদান কৰে ।
তেওঁ কয় যে ‘আমাৰ সংবিধানৰ ১৪ নং দফাত কোৱা হৈছে যে ৰাষ্ট্ৰই দেশৰ কাকো বৈষম্য কৰিব নোৱাৰে, এয়াই আমাৰ ধৰ্মনিৰপেক্ষতাৰ ভেটি । সংবিধানৰ খচৰা প্ৰস্তুত কৰাৰ সময়ত আম্বেদকাৰে কৈছিল যে সংবিধানত ধৰ্মনিৰপেক্ষতা শব্দটো উল্লেখ কৰাৰ কোনো প্ৰশ্নই উত্থাপন হোৱা নাই । ১৪ নং অনুচ্ছেদত স্পষ্টকৈ উল্লেখ আছে যে ৰাষ্ট্ৰই কাৰো বিৰুদ্ধে বৈষম্য কৰিব নোৱাৰে । এইটোৱেই হৈছে ধৰ্মনিৰপেক্ষতাৰ সৰ্বোচ্চ স্তৰ… প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে ধৰ্মনিৰপেক্ষতা শব্দটো সংবিধানত অন্তৰ্ভুক্ত কৰাৰ পিছত সেয়া আদালতেই হওক বা বুদ্ধিজীৱীসকলেই হওক, তেওঁলোকে ধৰ্মনিৰপেক্ষতাক পশ্চিমীয়া দৃষ্টিকোণৰ পৰা চাবলৈ আৰম্ভ কৰিলে । কাৰণ ধৰ্মনিৰপেক্ষতা শব্দটো ভাৰতীয় প্ৰেক্ষাপটত কল্পনা কৰা হোৱা নাই… আমি নিৰপেক্ষ নহয়… আমি হিন্দুৰ লগত আছো আৰু মুছলমানৰ লগতো আছো । ধৰ্মনিৰপেক্ষতা ইয়াত এক ইতিবাচক ধাৰণা ।‘
তেওঁ লগতে কয় যে সমাজবাদ কেতিয়াও ভাৰতীয় সভ্যতাৰ অংশ নাছিল আৰু মহাত্মা গান্ধীয়ে কোৱা ট্ৰাষ্টীশ্বিপৰ অৰ্থনৈতিক আদৰ্শৰ অংশও নাছিল । নব্বৈৰ দশকৰ আৰম্ভণিতে হোৱা অৰ্থনৈতিক সংস্কাৰৰ কথা উল্লেখ কৰি তেওঁ কয়, ‘আমাৰ সভ্যতাৰ কোনো নেতাই সমাজবাদী ধাৰণাৰ কথা কোৱা নাছিল । ই সংঘাতৰ ওপৰত ভিত্তি কৰি গঠিত মতাদৰ্শ… ইয়াৰ বাবেই আমি আন দেশৰ লগত প্ৰতিযোগিতাত পিছ পৰি ৰ’লোঁ… সংবিধানত অন্তৰ্ভুক্ত এই সমাজবাদ বিজেপিয়ে বিলুপ্ত কৰিব নোৱাৰিছিল । কংগ্ৰেছে প্ৰধানমন্ত্ৰী নৰসিংহ ৰাও আৰু মনমোহন সিঙৰ সৈতে ইয়াৰ অন্ত পেলাইছিল আৰু তেওঁলোকে আমাৰ অৰ্থনীতিলৈ উদাৰীকৰণ আনিছিল… নৰেন্দ্ৰ মোদী আৰু অটল বিহাৰী বাজপেয়ীয়ে উদাৰীকৰণৰ এই দৰ্শনক আৰু আগুৱাই লৈ গৈছিল ।‘
লগতে পঢ়ক : ‘কোনো ভাৰতীয়ই কেতিয়াও পাহৰিব নোৱাৰে’; জৰুৰীকালীন অৱস্থাৰ প্ৰসংগত ক’লে প্ৰধানমন্ত্ৰী মোদীয়ে