ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ
ৰাজ্যৰ নিবনুৱাৰ বাবে মুখ্যমন্ত্ৰীয়ে দিলে ভাল খবৰ । নিযুক্তিক লৈ ডাঙৰ ঘোষণা কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । ১০অক্টোবৰত একেলগে ৪০ হাজাৰ নিবনুৱাক নিযুক্তি দিয়া হ’ব বুলি ঘোষণা মুখ্যমন্ত্ৰী ড০ শৰ্মাৰ । আজি গুৱাহাটীত অনুষ্ঠিত হোৱা এক নিযুক্তি পত্ৰ বিতৰণ অনুষ্ঠানত এই মন্তব্য কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে ।
এই অনুষ্ঠানত দিয়া ভাষণত তেওঁ কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰে । তেওঁ কয় যে, নিযুক্তি সন্দৰ্ভত নিৰ্বাচনী প্ৰতিশ্ৰুতি পূৰণ কৰিবলৈ ৰাজ্য চৰকাৰ তৎপৰ । সম্পূৰ্ণ স্বচ্ছতা আৰু ন্যায়ৰ ভিত্তিত নিযুক্তি দিয়া হৈছে বুলিও উল্লেখ কৰে তেওঁ । লগতে মুখ্যমন্ত্ৰীগৰাকীয়ে ১০ অক্টোবৰত নিযুক্তিৰ সংখ্যাই ১লাখ ৬০ হাজাৰৰ ঘৰ পাৰ কৰিব বুলিও উল্লেখ কৰে ।
উল্লেখ্য যে, আজি গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত অনুষ্ঠিত হোৱা এক অনুষ্ঠানত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্য চৰকাৰৰ বিভিন্ন বিভাগত ৪৮১ গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰে ।
লগতে পঢ়ক : ধুবুৰীত নিশা শ্বুট এট ছাইট; মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বৃহৎ এক্সন