অসম বিদেশীমুক্ত কৰিবলৈ ১৯৫০ চনৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব চৰকাৰে

অসম বিদেশীমুক্ত কৰিবলৈ ১৯৫০ চনৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব চৰকাৰে; মুখ্যমন্ত্ৰীৰ দাবী

১৯৫০ চনৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব চৰকাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে ৰাজ্য চৰকাৰে ১৯৫০ চনৰ আইনখন কঠোৰভাৱে বলবৎ কৰি অবৈধ বিদেশীক চিনাক্ত আৰু বিতাড়ন কৰিব । তেওঁ দাবী কৰে যে এই আইনৰ অধীনত জিলা আয়ুক্তসকলৰ অবৈধ প্ৰব্ৰজনকাৰীক বিদেশী বুলি ঘোষণা কৰি বিতাড়নৰ

১৯৫০ চনৰ আইন কঠোৰভাৱে কাৰ্যকৰী কৰিব চৰকাৰে

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে ৰাজ্য চৰকাৰে ১৯৫০ চনৰ আইনখন কঠোৰভাৱে বলবৎ কৰি অবৈধ বিদেশীক চিনাক্ত আৰু বিতাড়ন কৰিব । তেওঁ দাবী কৰে যে এই আইনৰ অধীনত জিলা আয়ুক্তসকলৰ অবৈধ প্ৰব্ৰজনকাৰীক বিদেশী বুলি ঘোষণা কৰি বিতাড়নৰ প্ৰক্ৰিয়া আৰম্ভ কৰাৰ ক্ষমতা আছে ।

বিধানসভাৰ বিশেষ অধিৱেশনত কংগ্ৰেছে নাগৰিকত্বৰ গুৰুত্ব বুজি নোপোৱাৰ অভিযোগ উত্থাপন কৰি ড০ শৰ্মাই কয় যে এজন দলীয় নেতাৰ পৰিয়ালৰ চাৰিজন সদস্যৰ ভিতৰত তিনিজন বিদেশী । তেওঁৰ এই মন্তব্যৰে অসম কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক কটাক্ষ কৰে । কিছুদিন পূৰ্বে মুখ্যমন্ত্ৰীয়ে গৌৰৱ গগৈৰ ব্ৰিটিছ পত্নীৰ বিৰুদ্ধে পাকিস্তানৰ সৈতে সম্পৰ্ক থকাৰ অভিযোগ উত্থাপন কৰিছিল ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্য চৰকাৰে ‘ইমিগ্ৰেন্টছ এক্ট ১৯৫০’ (১৯৫০ চনৰ আইন) ৰূপায়ণ কৰিব, যাৰ ফলত জিলা উপায়ুক্তই অবৈধ বিদেশীক চিনাক্ত কৰি বহিষ্কাৰ কৰিব পাৰিব । তেওঁ কয় যে শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ে এই আইনখনৰ বৈধতা সমৰ্থন কৰিছে, যাৰ ফলত চৰকাৰক বিতাড়নৰ প্ৰক্ৰিয়া ক্ষিপ্ৰ কৰাৰ অধিকাৰ প্ৰদান কৰা হৈছে । লগতে তেওঁ কয় যে যোৱা কেইমাহমানত তিনিশৰো অধিক অবৈধ বাংলাদেশীক বহিষ্কাৰ কৰা হৈছে ।

মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক আক্ৰমণ কৰি কয় যে গৌৰৱ গগৈৰ পৰিয়ালৰ তিনিজন সদস্য বিদেশী, যিয়ে প্ৰমাণ কৰে যে দলটোৱে নাগৰিকত্বক গুৰুত্বসহকাৰে লোৱা নাই । ড০ শৰ্মাই দাবী কৰে যে কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈৰ পত্নীয়ে কেৱল ব্ৰিটিছ নাগৰিকত্ব অক্ষুণ্ণ ৰখাই নহয়, তেওঁৰ নাবালক সন্তান দুটিও ভাৰতীয় নাগৰিক নহয় ।

লগতে পঢ়ক : মোৰ চকু কাণ তামিলনাডুৰ ওপৰত… দিল্লীৰ দৰে ২০২৬ত জয়ৰ দাবী অমিত শ্বাহৰ

শেহতীয়া প্ৰৱন্ধসমূহ