পুনৰ স্থগিত হ’ল শুভাংশু শুক্লাৰ মহাকাশ যাত্ৰা
বেয়া বতৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ এদিনৰ বাবে পিছুৱাই দিয়া হৈছে । ভাৰতীয় মহাকাশ গৱেষণা সংস্থাই (ISRO) নিজৰ অফিচিয়েল এক্স হেণ্ডেলৰ পৰা পোষ্ট কৰি এই তথ্য প্ৰদান কৰিছে । ইছৰোৱে অধ্যক্ষ ড০ ভি নাৰায়ণনৰ উদ্ধৃতি দি এক্সত লিখিছে, ‘বতৰৰ পৰিস্থিতিৰ বাবে ভাৰতীয় গগণযাত্ৰীক আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰেৰণৰ বাবে এক্সিয়াম-৪ অভিযানৰ উৎক্ষেপণ ১০ জুনৰ পৰিৱৰ্তে ১১ জুনলৈ পিছুৱাই দিয়া হৈছে । পৰৱৰ্তী উৎক্ষেপণৰ সময় ১১ জুনত সন্ধিয়া ৫:৩০ বজাত নিৰ্ধাৰণ কৰা হৈছে ।’
ভাৰতীয় বায়ুসেনাৰ পাইলট গ্ৰুপ কেপ্তেইন শুভাংশু শুক্লা আন তিনিজন ক্ৰু সদস্যৰ সৈতে মহাকাশ অভিযান এক্সিয়াম-৪ৰ অংশ হ’বলৈ সাজু হৈছে, যিটো ভাৰতৰ বাবে এক গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি হ’ব । এক্সিয়াম-৪ অভিযানৰ ক্ৰুৱে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ যাত্ৰা কৰিব, য’ত তেওঁলোকে পৰীক্ষাগাৰটোক প্ৰদক্ষিণ কৰি বিজ্ঞান, প্ৰসাৰ আৰু বাণিজ্যিক প্ৰচেষ্টাক কেন্দ্ৰ কৰি অভিযান চলাব । ১০ জুনৰ পুৱা ৮:২২ বজাত আমেৰিকাৰ মহাকাশ সংস্থা নাছাৰ কেনেডি মহাকাশ কেন্দ্ৰৰ এল চি-৩৯এ লঞ্চ পেডৰ পৰা স্পেচএক্স ড্ৰেগন মহাকাশযানৰ জৰিয়তে আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ এক্সিয়াম-৪ অভিযান প্ৰেৰণ কৰাৰ কথা আছিল । এতিয়া এই উৎক্ষেপণ ১১ জুনত ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৫:৩০ বজাত হ’ব ।
Launch of Axiom-4 mission to International Space Station:
— ISRO (@isro) June 9, 2025
Due to weather conditions, the launch of Axiom-4 mission for sending Indian Gaganyatri to International Space Station is postponed from 10th June 2025 to 11th June 2025.
The targeted time of launch is 5:30 PM IST on 11th…
এক্সিয়াম-৪ অভিযানৰ লক্ষ্য হৈছে চাৰিজনীয়া ক্ৰুৰ সৈতে ৬০টা পৰীক্ষা সম্পন্ন কৰা । ইয়াৰে ৭টা পৰীক্ষাৰ পৰিকল্পনা ইছৰোৱে কৰিছে, আনহাতে আন পাঁচটা পৰীক্ষাৰ ভিতৰত এনে পৰীক্ষা আছে য’ত নাছাৰ মানৱ গৱেষণা কাৰ্যসূচীৰ অংশ হিচাপে শুভাংশু শুক্লাই অংশগ্ৰহণ কৰিব । ইয়াৰ উপৰিও শুক্লাই একেটা কাৰ্যসূচীৰ বাবে নাছাই আয়োজন কৰা পাঁচটা সহযোগিতামূলক অধ্যয়নতো অংশগ্ৰহণ কৰিব । ১৪ দিন ধৰি চলিব এই অভিযান । ‘এক্সিয়াম-৪’ৰ দলটোত ভাৰত, পোলেণ্ড আৰু হাংগেৰীৰ মহাকাশচাৰী আছে, যিটো প্ৰতিখন দেশৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্ৰলৈ প্ৰথম অভিযান । ক্ৰুসকলৰ ভিতৰত আছে পেগী হুইটছন, শুভাংছু শুক্লা, স্লাভোজ উজনানস্কি-উইছনিভস্কি আৰু টিবৰ কাপু ।
লগতে পঢ়ক : ভাৰতত নিৰ্মাণ কৰা হ’ব ৰাফেল;ফ্ৰান্সৰ ডাছল্টে টাটাৰ সৈতে মিলালে হাত