ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা

ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা; সকলো জল্পনা-কল্পনাক খাৰিজ কৰিলে বৈদেশিক মন্ত্ৰালয়ে

ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা হজৰ বাবে ভাৰতীয়ক ছৌদি আৰৱলৈ যোৱাত নিষেধাজ্ঞা আৰোপৰ জল্পনা-কল্পনা নাকচ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ছৌদি আৰৱলৈ যোৱাত কোনো ভাৰতীয়ৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই

ছৌদি আৰৱলৈ ভাৰতীয়ৰ যাত্ৰাত নাই কোনো নিষেধাজ্ঞা

হজৰ বাবে ভাৰতীয়ক ছৌদি আৰৱলৈ যোৱাত নিষেধাজ্ঞা আৰোপৰ জল্পনা-কল্পনা নাকচ কৰিছে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে প্ৰকাশ কৰিছে যে ছৌদি আৰৱলৈ যোৱাত কোনো ভাৰতীয়ৰ ওপৰত কোনো ধৰণৰ নিষেধাজ্ঞা আৰোপ কৰা হোৱা নাই । বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ সূত্ৰই প্ৰকাশ কৰা অনুসৰি চৌদি আৰবে এনে কোনো অধিসূচনা জাৰি কৰা নাই । পুৰণি পৰম্পৰা অনুসৰি হজৰ সময়ত অতিমাত্ৰা ভিৰ ৰোধ কৰিবলৈ দেশত হ্ৰস্বম্যাদী ভিছাৰ ওপৰত অস্থায়ী নিষেধাজ্ঞা আৰোপ কৰা হৈছে । হজ সম্পূৰ্ণ হোৱাৰ লগে লগে এইবোৰৰ ম্যাদ উকলি যাব ।

পূৰ্বৰ সংবাদ মাধ্যমৰ বাতৰিত কোৱা হৈছিল যে ছৌদি আৰবে ভাৰতকে ধৰি বহু দেশৰ ব্লক ৱৰ্ক ভিছা সাময়িকভাৱে বন্ধ কৰি দিছে । কোৱা হৈছিল যে এই সিদ্ধান্ত নিৰাপত্তা আৰু প্ৰশাসনিক দৃষ্টিকোণৰ পৰা লোৱা হৈছে । কাৰণ হজ কালত তীৰ্থযাত্ৰী আৰু অনুপ্ৰৱেশৰ নিয়ম মানি চলাত অসুবিধা হয় । অহা ৩০ জুনলৈকে বলবৎ থাকিব এই ভ্ৰমণ নিষেধাজ্ঞা ।

ভাৰতৰ পৰা হজলৈ যোৱা যাত্ৰী ১.৭৫ লাখ-

হজ ২০২৫ৰ বাবে ভাৰতৰ পৰা ১.৭৫ লাখ তীৰ্থযাত্ৰী গৈ আছে । এইবাৰ ভাৰতত ১,৭৫,০২৫ গৰাকী তীৰ্থযাত্ৰীৰ কোটা আবণ্টন দিয়া হৈছে । ইয়াৰ পূৰ্বে ২০২৫ চনৰ ১৩ জানুৱাৰীত জেদ্দাত ভাৰতৰ সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজু আৰু চৌদি আৰৱৰ হাজ আৰু উমৰাহ মন্ত্ৰী মহামহিম ড° তৌফিক বিন ফৌজান আল-ৰবিয়াই এই বৃহৎ চুক্তি স্বাক্ষৰ কৰিছিল ।

লগতে পঢ়ক : জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ কানাডালৈ যাব নৰেন্দ্ৰ মোদী ; প্ৰধানমন্ত্ৰী মাৰ্ক কাৰ্নীয়ে জনালে আমন্ত্ৰণ

শেহতীয়া প্ৰৱন্ধসমূহ