আয়ুৰ্বেদত নাভিত তেল দিয়াটো স্বাস্থ্যৰ বাবে অতি উপকাৰী বুলি ধৰা হয়।নাভিত তেল দিলে বহু ৰোগ নিৰাময় কৰিব পাৰি।আয়ুৰ্বেদৰ মতে নাভি হৈছে শৰীৰৰ কেন্দ্ৰবিন্দু, যিটো আমাৰ শৰীৰৰ সকলো অংগৰ সৈতে জড়িত।
নাভিত তেল দিলে বহু সমস্যাৰ পৰা উপশম পাব পাৰি।প্ৰাচীন কালত ৰোগৰ পৰা সকাহ পাবলৈ নাভিত তেল দিয়া হৈছিল।আজিও আয়ুৰ্বেদত ৰোগৰ পৰা সকাহ পাবলৈ নাভিত তেল ঢালি দিয়া হয়।জানো আহক নাভিত তেল দিলে কি কি উপকাৰ পাব পাৰি—
নাভিত অলিভ অইল প্ৰয়োগ কৰিলে স্বাস্থ্যৰ বহু উপকাৰ হয়। অভিল অইনত ভিটামিন ই থাকে যি ছালৰ বাবে অতি উপকাৰী।নাভিত অভিল অইল লগালে ওঁঠ ফাটি যোৱাৰ সমস্যা সমাধান কৰিব পাৰি।
নাভিত তেল দিলে গাঁঠিৰ বিষৰ পৰাও উপশম দিয়ে। প্ৰতি নিশা শোৱাৰ সময়ত আগতে নাভিত কেইটোপালমান নাৰিকল তেল দিলে গাঁঠিৰ বিষৰ পৰা উপশম পোৱা যায়।
নাভি সমগ্ৰ শৰীৰৰ স্নায়ু, শিৰা, ধমনী আদিৰ লগত সংযুক্ত হৈ থাকে। নাভিত নাৰিকল তেল দিলে ৰক্ত সঞ্চালন উন্নত হয়।
আয়ুৰ্বেদত নাভিত নাৰিকল তেল দিলে হজম শক্তি উন্নত কৰে বুলি উল্লেখ আছে। পেট ফুলা, পেটৰ বিষ, গেছ, বা পাচনতন্ত্ৰৰ সমস্যা – এই সকলোবোৰ নাভিত নাৰিকল তেল দি নিয়ন্ত্ৰণ কৰিব পাৰি।
(প্ৰিয় পাঠক, এই বাতৰিটো কেৱল আপোনালোকক সজাগ কৰিবলৈহে লিখা হৈছে। এই লিখিতভাৱে ঘৰুৱা উপায় আৰু সাধাৰণ তথ্যৰ সহায় লৈ ব্যৱস্থা গ্ৰহণ কৰাৰ পূৰ্বে চিকিৎসকৰ সহায় লওক।)