পেহেলগামৰ ঘটনাৰ পিছত ভাৰত আৰু পাকিস্তানৰ মাজত উত্তেজনা বৃদ্ধি পাইছে। ইফালে গোটেই নিশা LOC ত পাকিস্তানী সেনাৰ গুলীচালনা কৰে, যাৰ বাবে ভাৰতীয় সেনাই ইয়াৰ উপযুক্ত উত্তৰ দিলে।
এই গুলীচালনা পাকিস্তানী সেনাই এল অ’ চিৰ কেইবাটাও পোষ্টৰ পৰা কৰিছিল। অৱশ্যে এই আক্ৰমণত ভাৰতীয় পক্ষৰ কোনো ক্ষয়-ক্ষতি হোৱা নাই।
এজন বিষয়াই জনোৱা মতে, পাকিস্তানী সেনাই সীমান্তত আক্ৰমণ চলাইছিল।আমাৰ সেনায়ো ইয়াৰ উপযুক্ত উত্তৰ দিলে।এই বিষয়ত অধিক তথ্যৰ বাবে বৰ্তমান তদন্ত কৰি থকা হৈছে। বৰ্তমান কোনো ক্ষয়-ক্ষতি হোৱা নাই।