ভুলটো মাইক্ৰৱেভত নাৰাখিব এই ২টা বস্তু ; হ’ব পাৰে ভয়ংকৰ কাণ্ড

ঘৰত বা অফিচত মাইক্ৰৱেভ থকা বেছিভাগ মানুহেই খাদ্য গৰম কৰিবলৈ মাইক্ৰৱেভ ব্যৱহাৰ কৰে। মাইক্ৰৱেভৰ দ্বাৰা মানুহৰ জীৱন বহুত সহজ হৈ পৰিছে। ইয়াৰ ব্যৱহাৰ গেছতকৈও সহজ। মাইক্ৰৱেভত খাদ্য কেৱল গৰম কৰাই নহয় ৰান্ধি বা বেক কৰিব পাৰি। কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ সময়ত বহুত সাৱধানতাৰ প্ৰয়োজন।কিন্তু বহু

ঘৰত বা অফিচত মাইক্ৰৱেভ থকা বেছিভাগ মানুহেই খাদ্য গৰম কৰিবলৈ মাইক্ৰৱেভ ব্যৱহাৰ কৰে। মাইক্ৰৱেভৰ দ্বাৰা মানুহৰ জীৱন বহুত সহজ হৈ পৰিছে।

ইয়াৰ ব্যৱহাৰ গেছতকৈও সহজ। মাইক্ৰৱেভত খাদ্য কেৱল গৰম কৰাই নহয় ৰান্ধি বা বেক কৰিব পাৰি।

কিন্তু ইয়াক ব্যৱহাৰ কৰাৰ সময়ত বহুত সাৱধানতাৰ প্ৰয়োজন।কিন্তু বহু সময়ত তথ্যৰ অভাৱ বা অসাৱধানতাৰ বাবেই মানুহে এনেবোৰ বস্তু মাইক্ৰৱেভৰ ভিতৰত ৰাখে যাৰ বাবে মাইক্ৰৱেভত জুই আৰু বিস্ফোৰণৰ আশংকা থাকে।সেয়েহে ভুলতেও মাইক্ৰৱেভত এই দুটা বস্তু ৰাখিব নালাগে।

এলুমিনিয়াম ফয়েল পেপাৰ-  মাইক্ৰৱেভত ফয়েল পেপাৰ (এলুমিনিয়াম ফয়েল) ব্যৱহাৰ কৰাটো বিপজ্জনক হ’ব পাৰে কাৰণ ইয়াৰ ফলত স্ফুলিংগ সৃষ্টি হ’ব পাৰে আৰু জুইৰ আশংকা বৃদ্ধি পাব পাৰে।

ইয়াৰ ফলত আপোনাৰ মাইক্ৰৱেভৰো ক্ষতি হ’ব পাৰে। মাইক্ৰৱেভ অভেনৰ পৃষ্ঠভাগ ধাতুৰ থাকে আৰু ফয়েল পেপাৰো ধাতুৰে তৈয়াৰ কৰা হয় যাৰ বাবে মাইক্ৰৱেভ তৰংগই ধাতুৰ সৈতে সংঘৰ্ষ কৰি স্পাৰ্ক উৎপন্ন কৰিব পাৰে।

বাকলিৰ সৈতে কণী- কেতিয়াও কণী বাকলিৰ সৈতে মাইক্ৰৱেভত ৰান্ধিব নালাগে কাৰণ তেনে কৰিলে কণীটো ফাটি যোৱাৰ সম্ভাৱনা থাকে।

মাইক্ৰৱেভত কণী গৰম কৰিলে কণীৰ ভিতৰত ভাপ গঠন হয় যিটো বাকলিৰ পৰা ওলাই আহিব নোৱাৰে, যাৰ বাবে চাপ বাঢ়ি যায় আৰু কণীটো ফাটি যাব পাৰে।