প্ৰতি বছৰে ২৩ জানুৱাৰীত ভাৰতত পৰাক্ৰম দিৱস পালন কৰা হয় । মহান স্বাধীনতা সংগ্ৰামী নেতাজী সুভাষ চন্দ্ৰ বসুৰ জন্ম বাৰ্ষিকী উপলক্ষে এই দিৱস পালন কৰা হয় । নেতাজীৰ অদম্য মনোভাৱ আৰু ভাৰতৰ স্বাধীনতাত তেওঁৰ অতুলনীয় অৱদানৰ প্ৰতি উৎসৰ্গিত ইয়াক “শৌৰ্য্য দিৱস” বুলিও কোৱা হয় । আহক আমি এই দিনটোৰ ইতিহাস, গুৰুত্ব আৰু নেতাজীৰ প্ৰেৰণাদায়ক জীৱনৰ বিষয়ে জানোঁ-
পৰাক্ৰম দিৱসৰ ইতিহাস-
ভাৰত চৰকাৰে ২০২১ চনত নেতাজীৰ ১২৪ সংখ্যক জন্ম জয়ন্তী উপলক্ষে প্ৰতি বছৰে ২৩ জানুৱাৰীক পৰাক্ৰম দিৱস হিচাপে পালন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে । নেতাজীৰ দৃঢ়তা আৰু ত্যাগক সন্মান জনোৱাৰ বাবে এয়া আছিল এক প্ৰতীকী পদক্ষেপ ।
এই দিনটোত তেওঁৰ সাহস, ধৈৰ্য আৰু স্বাৱলম্বী ভাৰতৰ সপোনক স্মৰণ কৰা হয় । দেশজুৰি আয়োজন কৰা বিভিন্ন কাৰ্যসূচীৰ জৰিয়তে পৰাক্ৰম দিৱস উদযাপন কৰা হয় আৰু ৰাষ্ট্ৰীয় নেতাসকলক শ্ৰদ্ধাঞ্জলি জনোৱা হয় । এই দিনটোৱে নিশ্চিত কৰে যে নেতাজীৰ উত্তৰাধিকাৰ দেশবাসীৰ স্মৃতিত চিৰদিনৰ বাবে ৰৈ গৈছে ।
পৰাক্ৰম দিৱসৰ গুৰুত্ব-
নেতাজী সুভাষ চন্দ্ৰ বসুৰ অদম্য সাহস আৰু দেশপ্ৰেমক স্মৰণ কৰিবলৈ পৰাক্ৰম দিৱস অতি গুৰুত্বপূৰ্ণ । এই দিৱসত তেওঁৰ নিস্বাৰ্থ সেৱা আৰু মাতৃভূমিৰ প্ৰতি থকা নিষ্ঠাক প্ৰণাম জনোৱা হয় ।
-এই দিৱসৰ উদ্দেশ্য হৈছে যুৱ প্ৰজন্মক তেওঁৰ সাহস, দৃঢ়তা আৰু দেশপ্ৰেমেৰে অনুপ্ৰাণিত কৰা ।
-নেতাজীয়ে গঠন কৰা আজাদ হিন্দ ফৌজ আৰু আজাদ হিন্দ চৰকাৰে তেওঁৰ স্বাধীনতাৰ দৃঢ়তাক প্ৰতিফলিত কৰে ।
-তেওঁৰ “মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম” শ্লোগান আজিও দেশবাসীৰ হৃদয়ত প্ৰতিধ্বনিত হৈ আছে ।
এই দিনটোৱে আমাক নেতাজীৰ আদৰ্শ গ্ৰহণ কৰি ভাৰতক একত্ৰিত আৰু স্বাৱলম্বী কৰি তুলিবলৈ অনুপ্ৰাণিত কৰে ।
পৰাক্ৰম দিৱস ২০২৫ : নেতাজীৰ জীৱন আৰু উত্তৰাধিকাৰ
১৮৯৭ চনৰ ২৩ জানুৱাৰীত ওড়িশাৰ কটক জিলাত সুভাষ চন্দ্ৰ বসুৰ জন্ম হৈছিল । এটি বিশিষ্ট বাঙালী পৰিয়ালত জন্মগ্ৰহণ কৰা নেতাজীয়ে প্ৰাথমিক শিক্ষা কটকত লাভ কৰিছিল । অধ্যয়নৰ কালছোৱাতেই তেওঁৰ ৰাষ্ট্ৰীয়তাবাদী আৱেগ স্পষ্টকৈ দেখা গৈছিল ।
-স্কটিছ চাৰ্চ কলেজ আৰু প্ৰেচিডেন্সি কলেজ (কলকাতা)ত অধ্যয়ন কৰিছিল ।
-১৯১৬ চনত বিপ্লৱী কাৰ্যকলাপৰ বাবে তেওঁক কলেজৰ পৰা বহিষ্কাৰ কৰা হয় ।
তেওঁৰ অনন্য প্ৰতিভাৰ বাবে ইংলেণ্ডত ভাৰতীয় অসামৰিক সেৱা (আই চি এছ) পৰীক্ষাত উত্তীৰ্ণ হয় । কিন্তু ভাৰতৰ স্বাধীনতাৰ প্ৰতি তেওঁৰ সমৰ্পণে তেওঁক এই সন্মানীয় চাকৰি এৰি নিজৰ দেশলৈ উভতি যাবলৈ প্ৰেৰণা যোগাইছিল ।
স্বাধীনতা সংগ্ৰামত নেতাজীৰ অৱদান-
ভাৰতীয় জাতীয় কংগ্ৰেছৰ সৈতে নেতাজীৰ যোগদান তেওঁৰ ৰাজনৈতিক জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ আছিল ।
-১৯২৩ চনত তেওঁ নিখিল ভাৰত যুৱ কংগ্ৰেছৰ সভাপতি নিৰ্বাচিত হয় ।
-১৯৩৮ আৰু ১৯৩৯ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হয় ।
নেতাজীয়ে ১৯৩৯ চনত কংগ্ৰেছৰ ভিতৰত “ফৰৱাৰ্ড ব্লক” প্ৰতিষ্ঠা কৰি স্বাধীনতা সংগ্ৰামক তীব্ৰতৰ কৰাৰ বাবে বৈপ্লৱিক পদক্ষেপ গ্ৰহণ কৰে ।
-১৯৪২ চনত তেওঁ আজাদ হিন্দ ফৌজ (INA) গঠন কৰি দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত ব্ৰিটিছ সেনাৰ বিৰুদ্ধে যুদ্ধ কৰে ।
-তেওঁৰ প্ৰেৰণাদায়ক আহ্বান, “মোক তেজ দিয়া, মই তোমাক স্বাধীনতা দিম”, লাখ লাখ ভাৰতীয়ক স্বাধীনতা সংগ্ৰামত যোগদান কৰিবলৈ অনুপ্ৰাণিত কৰিছিল ।
নেতাজী সুভাষ চন্দ্ৰ বসুৰ জীৱন আৰু তেওঁৰ সাফল্য আজিও প্ৰতিজন ভাৰতীয়ৰ বাবে এক প্ৰেৰণা । পৰাক্ৰম দিৱাসে কেৱল তেওঁৰ স্মৃতিবোৰ জীয়াই ৰখাই নহয়, তেওঁৰ আদৰ্শক অনুসৰণ কৰি দেশৰ উন্নয়নৰ প্ৰতি উৎসৰ্গিত হৈ থাকিবলৈ আমাক বাৰ্তাও দিয়ে ।