ভাৰতৰ আটাইতকৈ প্ৰিয় অ’ টি টি প্লেটফৰ্ম প্ৰাইম ভিডিঅ’ই বহু প্ৰত্যাশিত আৰু সমালোচকক আপ্লুত কৰা ছিৰিজ পাতাল লোকৰ দ্বিতীয় ছিজনৰ প্ৰিমিয়াৰৰ তাৰিখ ঘোষণা কৰিছে । ভাৰতীয় সমাজৰ অন্ধকাৰ দিশসমূহৰ গভীৰতালৈ সোমাই যোৱা এই জনপ্ৰিয় ফ্ৰেঞ্চাইজিটোৱে প্ৰথম ছিজনতে নিজৰ ৰোমাঞ্চকৰ কাহিনীৰে দৰ্শকক মোহিত কৰিছিল । অবিনাশ অৰুণ ধৱৰেৰ পৰিচালনাত নিৰ্মিত এই ছিৰিজটো ক্লিন স্লেট ফিল্মছ প্ৰডাকচন আৰু ইউন’য়া ফিল্মছ এল এল পিয়ে যৌথভাৱে প্ৰযোজনা কৰিছে । ইয়াৰ সৃষ্টি আৰু কাৰ্যবাহী প্ৰযোজক সুদীপ শৰ্মা ।
পাতাল লোক ছিজন-২ ত জয়দীপ আহলাৱত, ইশ্বৱাক সিং আৰু গুল পানাগৰ দৰে তাৰকা অভিনেতা উভতি অহাৰ বিপৰীতে তিলোত্তমা শ্বোমে, নাগেশ কুকুনুৰ আৰু জাহ্নু বৰুৱাৰ দৰে অভিনেতাই গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা যাব । ভাৰতকে ধৰি ২৪০খনতকৈও অধিক দেশ আৰু টেৰিটৰীত ২০২৫ চনৰ ১৭ জানুৱাৰীত প্ৰাইম ভিডিঅ’ত একচেটিয়াভাৱে প্ৰিমিয়াৰ হ’ব এই ক্ৰাইম ড্ৰামা ।
ফ্ৰেঞ্চাইজিটোৰ প্ৰথম ছিজনটোৰ কাহিনী, টুইষ্ট আৰু ৰোমাঞ্চকৰ থ্ৰিলৰ বাবে অতিশয় প্ৰশংসা কৰা হৈছিল । ইয়াৰ চিন্তা-উদ্দীপক ক্লাইমেক্সে দৰ্শকক ন্যায় আৰু দুৰ্নীতিৰ মাজৰ মিহি ৰেখাডালৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য কৰে আৰু সমগ্ৰ কাহিনীটোৱে তেওঁলোকক আকৰ্ষিত কৰি ৰাখিবলৈ সক্ষম হৈছিল ।