অশ্লীল বিষয়বস্তু দেখুওৱা ২৫টা OTT প্লেটফৰ্মক নিষিদ্ধ চৰকাৰৰ…
২৫টা OTT প্লেটফৰ্মক নিষিদ্ধ চৰকাৰৰ
অবৈধ আৰু আপত্তিজনক ডিজিটেল কন্টেন্টৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰি ভাৰত চৰকাৰে দেশৰ ২৫টা এপ আৰু ৱেবছাইট ব্লক কৰাৰ নিৰ্দেশ দিছে।
ছফ্ট পৰ্ণ কন্টেন্ট পৰিবেশন কৰা এই এপসমূহৰ ওপৰত চৰকাৰে কঠোৰ স্থিতি গ্ৰহণ কৰিছে আৰু এই সকলোবোৰ নিষিদ্ধ কৰিছে।এই তালিকাত Ullu, ALTT, Desiflix to Big Shots ৰ দৰে OTT প্লেটফৰ্ম অন্তৰ্ভুক্ত কৰা হৈছে।
এই সন্দৰ্ভত তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ জনসাধাৰণৰ বাবে এই ৱেবছাইটসমূহ তৎকালীনভাৱে ব্লক কৰিবলৈ ইণ্টাৰনেট সেৱা প্ৰদানকাৰীসকলক স্পষ্ট নিৰ্দেশনা প্ৰদান কৰিছে।
চৰকাৰে এই ব্যৱস্থা প্ৰযুক্তি আইন, ২০০০ আৰু আইটি নিয়ম, ২০২১ৰ অধীনত কৰা হৈছে।চৰকাৰে যিবোৰ এপ আৰু ৱেবছাইটক অবৈধ, আপত্তিজনক আৰু অশ্লীল সামগ্ৰী আছে বুলি কৈছে, তাত এই ২৫টা নাম অন্তৰ্ভুক্ত কৰা হৈছে।
ইয়াৰ ভিতৰত আছে ALTT, ULLU, Big Shots App, Desiflix, Boomex, Navarasa Lite, Gulab App, Kangan App, Bull App, Jalva App, Wow Entertainment, Look Entertainment, Hitprime, Feneo, ShowX, Sol Talkies, Adda TV, HotX VIP, Hulchul App, MoodX, NeonX VIP, Fugi, Mojflix, Triflicks.
এই ৱেবছাইটসমূহ আই টি আইনৰ ধাৰা ৬৭ আৰু ৬৭এ, ভাৰতীয় ন্যায় সংহিতা, ২০২৩ ৰ ধাৰা ২৯৪ আৰু মহিলাৰ অশ্লীল চিত্ৰণ নিষেধাজ্ঞা আইন,১৯৮৬ৰ ধাৰা ৪ উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰা হৈছে।
চৰকাৰে লগতে কৈছে যে যদি কোনো ডিজিটেল প্লেটফৰ্মে এই নিয়ম মানি নচলে, তেন্তে আই টি আইনৰ ধাৰা ৭৯(১)ৰ অধীনত আইনী সুৰক্ষা নাপাব আৰু তেওঁলোকৰ বিৰুদ্ধে আইনী ব্যৱস্থা ল’ব পাৰিব।
অৱশ্যে চৰকাৰে এনে কঠোৰ স্থিতি গ্ৰহণ কৰাটো এয়াই প্ৰথম নহয়।ইয়াৰ পূৰ্বেও চৰকাৰে ১৮টা OTT প্লেটফৰ্ম বন্ধ কৰি দিছিল।
লগতে পঢ়ক: Google আৰু Appleৰ বাঢ়িছে সমস্যা; এপ ষ্ট’ৰৰ পৰা কৰা উপাৰ্জন হ’ব পাৰে বিপদ