GMCH ত চাঞ্চল্যকৰ ঘটনা; ইমৰানে মেডিকেলৰ সন্মুখত পেলাই থৈ গ’ল যুৱতীৰ মৃতদেহ

ইমৰানে মেডিকেলৰ সন্মুখত পেলাই থৈ গ’ল যুৱতীৰ মৃতদেহ

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে।এজন যুৱকে জৰুৰীকালীন বিভাগৰ সন্মুখত এৰি থৈ গ’ল এগৰাকী যুৱতীৰ মৃতদেহ।

ইছলামপুৰৰ মুক্তাৰ আলী ওৰফে ইমৰান নামৰ যুৱকজনে এখন অটোত উঠাই লৈ আনিছিল যুৱতী গৰাকীক।তাৰ পিছতে মৃতদেহটো ট্ৰলীত উঠাইয়েই  পলায়নৰ চেষ্টা কৰিছিল ইমৰানে।  যুৱতী গৰাকীৰ নাম পম্পী বৰুৱা।

যুৱতী গৰাকীৰ স্বামী আশুতোষ চেতিয়াই জানিবলৈ দিয়া মতে পুৱা পৰ্যন্ত হেঙেৰাবাৰীত ভাড়াঘৰ স্বামী আশুতোষৰ সৈতে আছিল পম্পী বৰুৱা। কিন্তু পুৱাৰ ভাগত নগাঁৱৰ ঘৰলৈ যাওঁ বুলি ওলাই আহিছিল মহিলাগৰাকী।

যুৱতীগৰাকীৰ মুখেৰে ওলাই আছিল ফেন।চিকিৎসকে সন্দেহ কৰিছে যে ড্ৰাগছ অভাৰ ড’জ হৈ যুৱতী গৰাকীৰ ৰহস্যজনকভাৱে মৃত্যু হয। ইতিমধ্যে ভঙাগড় আৰক্ষীয়ে মুক্তাৰ আলী ওৰফে ইমৰান আটক কৰিছে।  

লগতে পঢ়ক: ধাৰাবাহিকভাৱে হোৱা মুষলধাৰ বৰষুণত উত্তৰাখণ্ডত প্ৰভাৱিত স্বাভাৱিক জীৱন… তেহৰী-ৰুদ্ৰপ্ৰয়াগত প্ৰচণ্ড ক্ষতি