ডিচেম্বৰত উৎক্ষেপণ কৰা হ’ব ব্যোমমিত্ৰ; গগণযান কেপচুলৰ সৈতে কৰা হ’ব সংলগ্ন
ডিচেম্বৰত মুকলি হ’ব ব্যোমমিত্ৰ
ভাৰতৰ মহাকাশ কাৰ্যসূচীয়ে নতুন উচ্চতা স্পৰ্শ কৰিবলৈ সাজু হৈছে । ইছৰোৱে গগণযান অভিযানৰ বাবে এ আই চালিত মানৱৰূপী ৰবট নিৰ্মাণ কৰিছে যাৰ নাম হৈছে ব্যোমমিত্ৰ । সংস্কৃত “ব্যোম” (আকাশ) আৰু “মিত্ৰ”(বন্ধু) শব্দৰ পৰা ব্যোমমিত্ৰ নামৰ উদ্ভৱ হৈছে । এই ৰবটটো ২০২৫ চনৰ ডিচেম্বৰ মাহত মানৱবিহীন গগণযান জি ১ কেপচুলৰ সৈতে উৎক্ষেপণ কৰা হ’ব । ব্যোমমিত্ৰই মানুহৰ দৰে কাম কৰিব আৰু মিছন পৰীক্ষা কৰিব । এয়া হ’ব ভাৰতৰ সৰ্ববৃহৎ মহাকাশ পৰীক্ষণ ।
ব্যোমমিত্ৰ নিৰ্মাণ কৰিছে ইছৰোৰ ইনাৰছিয়েল ছিষ্টেম ইউনিটে । ইয়াক গগণযান অভিযান পৰিচালনা কৰি থকা ইছৰোৰ হিউমেন স্পেচফ্লাইট চেণ্টাৰলৈ প্ৰেৰণ কৰা হৈছে । ই এটা অৰ্ধ-মানৱৰূপী ৰবট – ইয়াৰ ৰবটিক মূৰ, কান্ধ আৰু বাহু আছে, কিন্তু ভৰি নাই । ইয়াক মাইক্ৰ’গ্ৰেভিটিৰ বাবে ডিজাইন কৰা হৈছে ।
ইয়াৰ মূৰৰ জোখ ২০০ মিলিমিটাৰ x ২০০ মিলিমিটাৰ আৰু ওজন মাত্ৰ ৮০০ গ্ৰাম । ই AlSi10Mg এলুমিনিয়াম মিশ্ৰণৰ দ্বাৰা নিৰ্মিত, যিটো তাপ প্ৰতিৰোধী । ইয়াৰ ওজন লঘু । ইয়াত এডভান্স এ আই আছে । ব্যোমমিত্ৰই ক্ৰু মডিউলৰ ডিছপ্লে পঢ়িব পাৰে, আদেশ বুজিব পাৰে আৰু জটিল নিয়ন্ত্ৰণসমূহ চলাব পাৰে । ই হিন্দী আৰু ইংৰাজী ভাষাত কথা-বতৰা পাতিব পাৰে ।
গগণযান জি ১ ফ্লাইটত মানুহৰ ঠাই লোৱাটোৱেই হৈছে ব্যোমমিত্ৰৰ প্ৰধান ভূমিকা । ইয়াৰ দ্বাৰা উৰণৰ পদ্ধতি পৰীক্ষা কৰা হ’ব আৰু বায়ুৰ চাপ আৰু উষ্ণতাৰ দৰে পৰিৱেশৰ পৰিমাপসমূহ নিৰীক্ষণ কৰা হ’ব । ইয়াত মিছনৰ তথ্য সংগ্ৰহৰ বাবে বিশেষ চেন্সৰ সজ্জিত কৰা হৈছে ।
ই পৰিৱেশ নিয়ন্ত্ৰণ ব্যৱস্থা চলাব পাৰে, বায়ুৰ চাপৰ পৰিৱৰ্তনৰ বাবে সতৰ্কবাণী প্ৰদান কৰিব পাৰে আৰু চুইচ পেনেলৰ কাৰ্যসমূহ নিয়ন্ত্ৰণ কৰিব পাৰে । ই পৃথিৱীত মিছন কণ্ট্ৰ’লৰ সৈতে যোগাযোগ কৰিব আৰু মহাকাশ ভ্ৰমণে মানৱ শৰীৰত কেনে প্ৰভাৱ পেলায় সেই বিষয়ে অধ্যয়ন কৰিবলৈ মাইক্ৰ’গ্ৰেভিটি পৰীক্ষণ চলাব । ২০২৭ চনত প্ৰথমটো ক্ৰুড মিছনৰ বাবে এই তথ্য অতি গুৰুত্বপূৰ্ণ হ’ব ।
ব্যোমমিত্ৰৰ উৎক্ষেপণে ৰবটিক্স আৰু নিৰাপদ মহাকাশ উৰণৰ ক্ষেত্ৰত ইছৰোৰ প্ৰচেষ্টাক প্ৰদৰ্শন কৰিছে । এই ৰবটে কোনো বিপদশংকা অবিহনে বাস্তৱিক পৰিস্থিতিত জীৱন-সহায়ক আৰু সুৰক্ষা ব্যৱস্থা পৰীক্ষা কৰিব । ভাৰতীয় মহাকাশচাৰীসকলে যেতিয়া গগণযানত উঠিব তাৰ পূৰ্বেই সকলো ব্যৱস্থা পৰীক্ষা কৰা হ’ব ।
লগতে পঢ়ক : মহাকাশতো বিফল হ’ব চীন-পাকিস্তানৰ কৌশল; ISRO এ নিয়োগ কৰিব মহাকাশৰ S400