‘জুবিনৰ ঘটনাক লৈ SIT-এ লাভ কৰিছে বহু তথ্য’;  DGP হৰমীত সিং

জুবিনৰ ঘটনাক লৈ SIT-এ লাভ কৰিছে বহু তথ্য

জুবিন গাৰ্গৰ ঘটনাক লৈ DGP হৰমীত সিঙে এক গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে জানিবলৈ দিয়া মতে -জুবিনৰ ঘটনাক লৈ SIT-এ বৰ্তমানলৈকে বহু তথ্য লাভ কৰিছে।

সকলো তথ্য আদালতত দাখিল কৰা হ’ব। কিন্তু এই তথ্য সমূহ এতিয়াই ৰাজহুৱা কৰাৰ সময় নহয়।তথ্য ৰাজহুৱা কৰাতো আইন বিৰোধী হ’ব।

তেওঁ লগতে কয় যে, মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে তদন্ত প্ৰক্ৰিয়া নিকাভাৱে চলি আছে। অসম আৰক্ষীৰ এটা দল ইতিমধ্যে দিল্লীত আছে,এটা দল মঙলবাৰে ছিংগাপুৰলৈ যাব। অসমবাসীয়ে আমাক সহায় কৰক আমি জুবিনক ন্যায় দিম।

যদি কাৰোবাৰ হাতত কিবা তথ্য আছে তেন্তে SITক সেই তথ্য সমূহ দিয়ক। কিন্তু সকলোলৈ এটাই অনুৰোধ যে কোনেও যাতে উৰাবাতৰিত বিশ্বাস নকৰে।

শ্যামকানু, সিদ্ধাৰ্থ অসমলৈ আহিবই লাগিব।ৰাজ্যবাসীয়ে অসম আৰক্ষীৰ ওপৰত বিশ্বাস ৰাখক। জুবিনে ন্যায় পাবই।

লগতে পঢ়ক: বেলতলা বিহু সন্মিলনীৰ ডাঙৰ সিদ্ধান্ত; এইবাৰ ব’হাগত নাপাতে বিহু