‘মোৰ ভগ্নী কৰ্কট ৰোগৰ সৈতে যুঁজি আছে…’; আকাশ দীপে উৎসৰ্গা কৰিলে এই বিজয়
ভগ্নীৰ বাবে আকাশ দীপে উৎসৰ্গা কৰিলে এই বিজয়
আৱেগিক আকাশ দীপে দ্বিতীয় টেষ্টত নিজৰ দুৰ্দান্ত প্ৰদৰ্শন কৰ্কট ৰোগত আক্ৰান্ত ভগ্নীক উৎসৰ্গা কৰি কয়, ‘প্ৰতিবাৰেই মই বলটো যেতিয়া হাতত লৈছিলো তেতিয়াই মোৰ মনলৈ তেওঁৰ কথা আহিছিল।’
আকাশদীপে ক’লে, “এই বিষয়ে মই কাৰো লগত কথা পতা নাই, কিন্তু দুমাহ আগতে মোৰ ভগ্নীৰ কৰ্কট ৰোগ ধৰা পৰিছিল।” মোৰ প্ৰদৰ্শনত তাই অতি সুখী হ’ব আৰু মুখত হাঁহি বিৰিঙিব।”
চেতেশ্বৰ পূজাৰাৰ লগত কথা পাতি থাকোঁতে তেওঁ নিজৰ আৱেগক নিয়ন্ত্ৰণ কৰি কয় যে, “প্ৰতিবাৰেই যেতিয়া মই বলটো লৈছিলো তাইৰ চিন্তা আৰু প্ৰতিচ্ছবিবোৰ মোৰ মনলৈ আহিছিল।”
এই প্ৰদৰ্শন তাইৰ বাবে উৎসৰ্গিত, মই তাইক ক’ব বিচাৰো, ভন্তি আমি সকলোৱে তোমাৰ লগত আছো।” মেচখনৰ কথা ক’বলৈ গ’লে তেওঁ সুখী হৈছিল যে তেওঁ কৰা পৰিকল্পনাবোৰে কাম কৰিলে।’
তেওঁ ক’লে, “মই লৰ্ডছৰ বাবে নিজৰ কৌশলৰ বিষয়ে মই ভবা নাই”।কিন্তু ইয়াত কৌশলৰ পৰা বৰ বেছি বেলেগ নহ’ব।কিছুমান দিন আহিব যেতিয়া ই কাম কৰিব আৰু কিছুমান দিন আহিব যেতিয়া ইয়াৰ কাম নহ’ব৷আমাৰ কাম হ’ল ইয়াত আবদ্ধ হৈ থকা আৰু আমাৰ প্ৰক্ৰিয়াটোক বিশ্বাস কৰা।”
লগতে পঢ়ক: জয়ৰ পিছত কিয় খং উঠিল শুভমান গিলৰ? খেলপথাৰক লৈ অসন্তুষ্টি প্ৰকাশ