ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ

ৰাজ্যৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে ভাল খবৰ

অসমৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধীকাৰীৰ বাবে ভাল খবৰ আনিছে বাজেটে। এতিয়াৰে পৰা ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহে বজাৰ মূল্যতকৈ বহুত কম দামত মচুৰ দাইল আৰু চেনি লাভ কৰিব । অসমৰ লাখ লাখ ৰেচন কাৰ্ডধাৰীৰ বাবে এক অতি সুখবৰ । এতিয়াৰে পৰা ৰাজ্যৰ দৰিদ্ৰ আৰু

অসমৰ লাখ লাখ ৰেচন কাৰ্ড হিতাধীকাৰীৰ বাবে ভাল খবৰ আনিছে বাজেটে। এতিয়াৰে পৰা ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহে বজাৰ মূল্যতকৈ বহুত কম দামত মচুৰ দাইল আৰু চেনি লাভ কৰিব ।

অসমৰ লাখ লাখ ৰেচন কাৰ্ডধাৰীৰ বাবে এক অতি সুখবৰ । এতিয়াৰে পৰা ৰাজ্যৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালসমূহে বজাৰ মূল্যতকৈ বহুত কম দামত মচুৰ দাইল আৰু চেনি লাভ কৰিব । আজি ১০ জুলাইত ২০২৬-২৭ বৰ্ষৰ অসম বাজেট উত্থাপন কৰি ৰাজ্যৰ বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই এই গুৰুত্বপূৰ্ণ ঘোষণা কৰে । চৰকাৰৰ এই সিদ্ধান্তই ৰাজ্যখনৰ লাখ লাখ পৰিয়ালক বৰ্ধিত মূল্যবৃদ্ধিৰ পৰা ৰক্ষা কৰিব বুলি আশা কৰা হৈছে ।

বিত্তমন্ত্ৰীগৰাকীয়ে জনোৱা মতে, অহা আগষ্ট মাহৰ পৰাই সমগ্ৰ অসমতে ৰাষ্ট্ৰীয় খাদ্য সুৰক্ষা আইনৰ হিতাধিকাৰীসকলক এই ৰাজসাহায্যযুক্ত বা কম মূল্যৰ মচুৰ দাইল আৰু চেনি বিতৰণ প্ৰক্ৰিয়া আৰম্ভ কৰা হ’ব ।

পশ্চিম এছিয়াৰ সংকট আৰু চৰকাৰৰ নতুন ৰাজসাহায্য নীতি

বাজেট ভাষণত মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উল্লেখ কৰে যে বৰ্তমান পশ্চিম এছিয়াত চলি থকা যুদ্ধ সদৃশ সংকটৰ বাবে বিশ্বজুৰি নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য অস্বাভাৱিকভাৱে বৃদ্ধি পাইছে । ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ আমাৰ স্থানীয় বজাৰতো পৰিছে। এই মূল্যবৃদ্ধিৰ পৰা সাধাৰণ জনতাক সকাহ দিবলৈ চৰকাৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

এই নতুন ব্যৱস্থাৰ আটাইতকৈ ডাঙৰ বৈশিষ্ট্যটো হ’ল যে চৰকাৰে দিয়া ৰাজসাহায্যৰ পৰিমাণ স্থিৰ হৈ নাথাকে । বজাৰত যদি সামগ্ৰীৰ দাম বৃদ্ধি পায়, তেন্তে চৰকাৰৰ ৰাজসাহায্যৰ পৰিমাণো বৃদ্ধি পাব । অৰ্থাৎ, বজাৰ মূল্যৰ উত্থান-পতনৰ সৈতে সংগতি ৰাখি এই ৰাজসাহায্য কম-বেছি কৰা হ’ব, যাতে মুদ্ৰাস্ফীতিৰ পাছতো হিতাধিকাৰীসকলে সদায় কম মূল্যতে এই সামগ্ৰীসমূহ পাই থাকে ।

সৰিয়হ তেলো যোগান ধৰাৰ পৰিকল্পনা

মচুৰ দাইল আৰু চেনিৰ উপৰিও অসম চৰকাৰে আন এক গুৰুত্বপূৰ্ণ দিশত কাম কৰি আছে । বিত্তমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰা অনুসৰি, ভৱিষ্যতে এই ৰাজসাহায্যযুক্ত সামগ্ৰীৰ তালিকাত সৰিয়হ তেল অন্তৰ্ভুক্ত কৰাৰ সম্ভাৱনীয়তাও চৰকাৰে পৰীক্ষা কৰিব ।

চৰকাৰৰ মূল লক্ষ্য হ’ল অসমৰ থলুৱা কৃষকসকলে উৎপাদন কৰা সৰিয়হ তেলক অগ্ৰাধিকাৰ দিয়া। ইয়াৰ ফলত ৰাজ্যৰ গ্ৰাম্য আৰু কৃষি অৰ্থনীতি অধিক শক্তিশালী হ’ব আৰু অসমৰ কৃষকসকলে তেওঁলোকৰ উৎপাদনৰ উচিত মূল্য লাভ কৰিবলৈ সক্ষম হ’ব ।

লগতে পঢ়ক: ৰাজ্যত স্থাপন হ’ব ৪ খন নতুন চিকিৎসা মহাবিদ্যালয়;  হ’ব বৃহৎ নিযুক্তি