হায়দৰাবাদ হাউচত পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ; আৰম্ভ হ’ল দ্বিপাক্ষিক আলোচনা

হায়দৰাবাদ হাউচত উপস্থিত পুটিন ; আৰম্ভ হ’ল দ্বিপাক্ষিক আলোচনা

হায়দৰাবাদ হাউচত উপস্থিত পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ। স্বাক্ষৰিত হ’ব পাৰে বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তি ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ আজি দ্বিতীয় দিন।শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়। পুৱাতে পুটিনে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি

হায়দৰাবাদ হাউচত উপস্থিত পুটিনক আদৰণি প্ৰধানমন্ত্ৰী মোদীৰ। স্বাক্ষৰিত হ’ব পাৰে বহুকেইটা গুৰুত্বপূৰ্ণ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণৰ আজি দ্বিতীয় দিন।শুকুৰবাৰে ৰাষ্ট্ৰপতি ভৱনত ৰাষ্ট্ৰপতি পুটিনক আনুষ্ঠানিকভাৱে আদৰণি জনোৱাৰ লগতে তেওঁক গাৰ্ড অৱ অনাৰ প্ৰদান কৰা হয়।

পুৱাতে পুটিনে ৰাজঘাটত উপস্থিত হৈ মহাত্মা গান্ধীক শ্ৰদ্ধাঞ্জলি জনায়।শ্ৰদ্ধাঞ্জলি জনোৱাৰ পিছত তেওঁ দৰ্শনাৰ্থীৰ কিতাপখনত স্বাক্ষৰ কৰে।

শ্ৰদ্ধাঞ্জলি জনাই হায়দৰাবাদ হাউছত উপস্থিত হৈছে ৰাষ্ট্ৰপতি পুটিন।য’ত প্ৰধানমন্ত্ৰী মোদীয়ে তেওঁক আদৰণি জনায়।

আজি পুটিন আৰু প্ৰধানমন্ত্ৰী মোদীয়ে ২৩ সংখ্যক ভাৰত-ৰাছিয়া সন্মিলনত অংশগ্ৰহণ কৰিব।য’ত দুয়োৰে মাজত বাণিজ্য আৰু প্ৰতিৰক্ষাকে ধৰি বহু বিষয় আলোচনা কৰা হ’ব।

লগতে পঢ়ক: ৰাষ্ট্ৰপতি পুটিনক প্ৰধানমন্ত্ৰী মোদীয়ে দিলে বিশেষ উপহাৰ…