“মোৰ বন্ধু,ভাৰতলৈ স্বাগতম...’;পুটিনক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া

“মোৰ বন্ধু,ভাৰতলৈ স্বাগতম…’;পুটিনক আদৰণি জনোৱাৰ পিছত প্ৰধানমন্ত্ৰীৰ প্ৰথম প্ৰতিক্ৰিয়া 

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে পুটিন। বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বিমানবন্দৰত পুটিনক উষ্ম আদৰণি জনোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষ বন্ধুৰ বাবে আদৰণি বাৰ্তা জাৰি কৰিলে। ছ’চিয়েল মিডিয়াত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিছে পুটিন। বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক উষ্ম আদৰণি প্ৰধানমন্ত্ৰীৰ

দুদিনীয়া ভ্ৰমণসূচীৰে বৃহস্পতিবাৰে সন্ধিয়া ভাৰতত উপস্থিত হয় ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন।বিমানবন্দৰত পুটিনক উষ্ম আদৰণি জনোৱাৰ পিছতেই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ বিশেষ বন্ধুৰ বাবে আদৰণি বাৰ্তা জাৰি কৰিলে।

ছ’চিয়েল মিডিয়াত ৰাছিয়াৰ ৰাষ্ট্ৰপতিক আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে লিখিছে,‘মোৰ বন্ধু, ৰাষ্ট্ৰপতি পুটিনক ভাৰতলৈ আদৰণি জনাই আনন্দিত হৈছো।’

‘আজি সন্ধিয়া আৰু কাইলৈ ​​আমাৰ কথা-বতৰাৰ বাবে আগ্ৰহী হৈ আছো।ভাৰত-ৰাছিয়াৰ বন্ধুত্বই সময়ৰ পৰীক্ষাত থিয় দিছে আৰু আমাৰ জনসাধাৰণৰ বাবে অপৰিসীম লাভ কঢ়িয়াই আনিছে।”

পালাম বিমানবন্দৰত অৱতৰণ কৰে ৰাষ্ট্ৰপতি গৰাকীৰ বিমানখন।প্ৰধানমন্ত্ৰী মোদীয়ে বিমানবন্দৰতে ৰাষ্ট্ৰপতিগৰাকীক সাৱটি ধৰি উষ্ম আদৰণি জনায়।ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰম্ভ হোৱাৰ পিছত এয়া তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ।

এই ভ্ৰমণৰ সময়ত ভাৰত আৰু ৰাছিয়াৰ মাজত বহু গুৰুত্বপূৰ্ণ চুক্তি স্বাক্ষৰ কৰিব বুলি বিশ্বাস কৰা হয়, য’ত এছ-৪০০ ক্ষেপণাস্ত্ৰ ব্যৱস্থা ক্ৰয় কৰাটোও অন্তৰ্ভুক্ত।

লগতে পঢ়ক: দিল্লীত উপস্থিত ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বন্ধুক আদৰিবলৈ বিমান বন্দৰত মোদী