দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বাৰ্ষিক শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন; বাৰ্ষিক শীৰ্ষ সন্মিলনত কৰিব অংশগ্ৰহণ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত অহা ৪ আৰু ৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন। শুকুৰবাৰে ক্ৰেমলিনৰ উদ্ধৃতিৰে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই এই তথ্য প্ৰদান কৰে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই ভ্ৰমণ নিশ্চিত কৰি আনুষ্ঠানিক বিবৃতি প্ৰকাশ

দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিন

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আমন্ত্ৰণত অহা ৪ আৰু ৫ ডিচেম্বৰত দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ আহিব ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন

শুকুৰবাৰে ক্ৰেমলিনৰ উদ্ধৃতিৰে ৰাছিয়াৰ চৰকাৰী সংবাদ সংস্থাই এই তথ্য প্ৰদান কৰে।ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়েও এই ভ্ৰমণ নিশ্চিত কৰি আনুষ্ঠানিক বিবৃতি প্ৰকাশ কৰিছে।

এই ভ্ৰমণৰ সময়ত নতুন দিল্লীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক আলোচনাত মিলিত হ’ব পুটিন।ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱেও ৰাছিয়াৰ ৰাষ্ট্ৰপতি গৰাকীক সাক্ষাৎ কৰি তেওঁৰ সন্মানত ৰাজ্যিক ভোজৰ আয়োজন কৰিব।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মতে, এই ভ্ৰমণত ভাৰত আৰু ৰাছিয়াৰ মাজত দ্বিপাক্ষিক সম্পৰ্কৰ অগ্ৰগতি পৰ্যালোচনা কৰা হ’ব আৰু পৰৱৰ্তী পৰ্যায়ৰ সহযোগিতাৰ দিশ নিৰ্ণয় কৰা হ’ব।

২৩ সংখ্যক ভাৰত-ৰাছিয়া বাৰ্ষিক সন্মিলনৰ অধীনত দুয়োখন দেশৰ মাজত এই বৈঠক অনুষ্ঠিত হ’ব।বিষয়াসকলৰ মতে,আলোচনাত আঞ্চলিক আৰু বিশ্বব্যাপী বিষয়সমূহৰো চৰ্চা হ’ব আৰু লগতে দুয়োখন দেশৰ মাজত দীৰ্ঘদিনীয়া কৌশলগত সম্পৰ্কক ইয়াক আৰু অধিক শক্তিশালী কৰাৰ ওপৰতো গুৰুত্ব দিয়া হ’ব।

লগতে পঢ়ক: ‘মই কাগজত লিখি দিবলৈ সাজু…’; ইউৰোপৰ ওপৰত আক্ৰমণৰ সন্দৰ্ভত পুটিনৰ ডাঙৰ মন্তব্য