সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

সলনি হ’ব পাৰে ভাৰত-পাকিস্তানৰ সীমান্তঃ ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য দেওবাৰে দিল্লীত অনুষ্ঠিত সিন্ধী সমাজ সন্মিলনত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তান সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয় যে আজি ভৌগোলিকভাৱে সিন্ধ ভাৰতৰ অংশ নহ’লেও সাংস্কৃতিকভাৱে ই সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব আৰু ভৱিষ্যতে সিন্ধ ভাৰতলৈ ঘূৰি

ৰাজনাথ সিঙৰ বিস্ফোৰক মন্তব্য

দেওবাৰে দিল্লীত অনুষ্ঠিত সিন্ধী সমাজ সন্মিলনত ভাষণ দি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে পাকিস্তান সন্দৰ্ভত এক বিস্ফোৰক মন্তব্য কৰে । তেওঁ কয় যে আজি ভৌগোলিকভাৱে সিন্ধ ভাৰতৰ অংশ নহ’লেও সাংস্কৃতিকভাৱে ই সদায় ভাৰতৰ অবিচ্ছেদ্য অংগ হৈ থাকিব আৰু ভৱিষ্যতে সিন্ধ ভাৰতলৈ ঘূৰি আহিব পাৰে বুলিও তেওঁ কয় ।

অনুষ্ঠানত ভাষণ দি তেওঁ কয়, “আজি সিন্ধৰ ভূমি হয়তো ভাৰতৰ অংশ নহ’বও পাৰে, কিন্তু সভ্যতাৰ দৃষ্টিকোণৰ পৰা সিন্ধ সদায় ভাৰতৰ অংশ হৈ থাকিব । আৰু যিমানদূৰলৈকে ভূমিৰ কথা আহে সীমান্ত সলনি হ’ব পাৰে । কোনে জানে, কাইলৈ ​​সিন্ধ ভাৰতৰ অংশ হ’ব পাৰে ।” মে’ মাহত অপাৰেচন সিন্দুৰৰ পিছত দুয়োখন দেশৰ মাজত উত্তেজনা বৃদ্ধি পোৱাৰ সময়তে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে এই মন্তব্য প্ৰকাশ কৰিছে ।

সন্মিলনত ভাষণ দি তেওঁ কয় যে বৰ্তমানৰ পাকিস্তানত সিন্ধ প্ৰদেশখন ভাৰতৰ জনসংখ্যাৰ এক বৃহৎ অংশ গঠন কৰা সিন্ধী সম্প্ৰদায়ৰ সদস্যসকলৰ উৎপত্তিস্থল । লগতে ই সিন্ধু উপত্যকা সভ্যতাৰ জন্মস্থানো ।

ইফালে বিভাজনৰ দশক দশক পিছতো সিন্ধী হিন্দুসকলৰ এই অঞ্চলৰ সৈতে যি আৱেগিক আৰু সাংস্কৃতিক সংযোগ আছে সেই সম্পৰ্কে আলোচনা কৰি প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে বিজেপিৰ জ্যেষ্ঠ নেতা লাল কৃষ্ণ আদৱানীৰ কথা উল্লেখ কৰে ।

তেওঁ কয়, “মই ইয়াত লাল কৃষ্ণ আদৱানীৰ কথাও উল্লেখ কৰিব বিচাৰিছো । তেওঁৰ এখন গ্ৰন্থত তেওঁ লিখিছে যে সিন্ধী হিন্দুসকলে বিশেষকৈ তেওঁৰ প্ৰজন্মৰ লোকসকলে এতিয়াও সিন্ধ ভাৰতৰ পৰা বিচ্ছিন্ন হোৱাটো মানি লোৱা নাই । কেৱল সিন্ধতে নহয়, সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলে সিন্ধু নদীক পবিত্ৰ বুলি গণ্য কৰে । সিন্ধৰ বহু মুছলমানেও বিশ্বাস কৰে যে সিন্ধু নদীৰ পানী মক্কাৰ আব-এ-জমজম নদীতকৈ কম পবিত্ৰ নহয় । এয়া আদৱানীৰ বক্তব্য ।” তেওঁ আৰু কয়, ‘আজি সিন্ধৰ জনসাধাৰণ য’তেই নাথাকক কিয়, তেওঁলোক সদায় আমাৰ নিজৰ হৈ থাকিব ।’

একেটা অনুষ্ঠানতে প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে নাগৰিকত্ব সংশোধনী আইন (CAA)ৰ সপক্ষেও মন্তব্য কৰে । তেওঁ কয় যে চুবুৰীয়া দেশৰ হিন্দু, শিখ, জৈন, বৌদ্ধ, পাৰ্চী আৰু খ্ৰীষ্টান সংখ্যালঘুসকলে বছৰ বছৰ ধৰি ভয়ংকৰ অত্যাচাৰৰ সন্মুখীন হৈ আহিছে । তেওঁলোকৰ ঘৰ জ্বলাই দিয়া হৈছে, ল’ৰা-ছোৱালীক হত্যা কৰা হৈছে, কন্যাক অত্যাচাৰ কৰা হৈছে, বলপূৰ্বক ধৰ্মান্তৰকৰণ হৈছে ।

তুষ্টিকৰণৰ ৰাজনীতি কৰা পূৰ্বৰ চৰকাৰসমূহক লক্ষ্য কৰি ৰাজনাথ সিঙে কয়, “যিসকল সঁচাকৈয়ে সহায়ৰ যোগ্য আছিল তেওঁলোকে একো নাপালে । ভোট বেংকৰ সমৰ্থনৰ বাবে এটা বিশেষ সম্প্ৰদায়ক সন্তুষ্ট কৰাৰ প্ৰয়াসত এই ভুক্তভোগীসকলক অপমানিত কৰা হৈছিল । কিন্তু যিজনে সঁচাকৈয়ে তেওঁলোকৰ যন্ত্ৰণা বুজি পাইছিল তেওঁ হৈছে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী । সেইবাবেই আমি CAA প্ৰৱৰ্তন কৰিলোঁ ।”

লগতে পঢ়ক : এটা এটাকৈ অবৈধ অনুপ্ৰৱেশকাৰীক বিচাৰি উলিওৱাৰ নিৰ্দেশ; কঠোৰ চৰকাৰ