‘কংগ্ৰেছৰ কাৰণে কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ নিয়ন্ত্ৰণলৈ গ’ল’; প্ৰধানমন্ত্ৰী

কংগ্ৰেছৰ কাৰণে কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ নিয়ন্ত্ৰণলৈ গ’ল ৰাষ্ট্ৰীয় ঐক্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে (৩১ অক্টোবৰ) কংগ্ৰেছ দলক লক্ষ্য কৰি কয় যে কংগ্ৰেছৰ ভুলৰ বাবেই জম্মু-কাশ্মীৰৰ এটা অংশ পাকিস্তানলৈ গৈছিল। চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয় চৰ্দাৰ পেটেলৰ মতে ইতিহাস লিখিবলৈ সময় নষ্ট

কংগ্ৰেছৰ কাৰণে কাশ্মীৰৰ এটা অংশ পাকিস্তানৰ নিয়ন্ত্ৰণলৈ গ’ল

ৰাষ্ট্ৰীয় ঐক্য দিৱসত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শুকুৰবাৰে (৩১ অক্টোবৰ) কংগ্ৰেছ দলক লক্ষ্য কৰি কয় যে কংগ্ৰেছৰ ভুলৰ বাবেই জম্মু-কাশ্মীৰৰ এটা অংশ পাকিস্তানলৈ গৈছিল।

চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জনাই তেওঁ কয় চৰ্দাৰ পেটেলৰ মতে ইতিহাস লিখিবলৈ সময় নষ্ট হ’ব নালাগে,ইতিহাস ৰচনা কৰিবলৈ আমি কঠোৰ পৰিশ্ৰম কৰা উচিত।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে, “কাশ্মীৰ ৩৭০ অনুচ্ছেদৰ শিকলি ভাঙি মূলসুঁতিত অন্তৰ্ভূক্ত হৈছে। অপাৰেচন সেন্দূৰৰ দ্বাৰা বিশ্ববাসীয়ে দেখিলে যে যদি এতিয়া কোনোবাই ভাৰতৰ ওপৰত চকু তুলি চাই তেন্তে ভাৰতে তাত প্ৰৱেশ কৰি মাৰিব। প্ৰতিবাৰেই ভাৰতৰ সঁহাৰি পূৰ্বতকৈ ডাঙৰ আৰু নিৰ্ণায়ক। এয়া ভাৰতৰ শত্ৰুৰ বাবেও এক বাৰ্তা”।

প্ৰধানমন্ত্ৰী গৰাকীয়ে আৰু কয় যে, “চৰ্দাৰ চাহাবে বিচাৰিছিল যে যেনেদৰে তেওঁ আন ৰাজকীয় ৰাষ্ট্ৰসমূহক একত্ৰিত কৰিছিল,একেদৰে কাশ্মীৰকো একত্ৰিত কৰা উচিত,কিন্তু, নেহৰু জীয়ে তেওঁৰ সেই ইচ্ছা পূৰণ হ’বলৈ নিদিলে”।

“কাশ্মীৰক সুকীয়া সংবিধান আৰু সুকীয়া পতাকাৰে বিভক্ত কৰিছিল।কাশ্মীৰক লৈ কংগ্ৰেছে যি ভুল কৰিছিল, সেই জুইত দশক দশক ধৰি দেশ জ্বলি থাকিল”।

লগতে পঢ়ক: ৰাহুল গান্ধীৰ বিৰুদ্ধে বিহাৰ বিজেপিৰ এজাহাৰ; প্ৰধানমন্ত্ৰীৰ নৃত্যক অশ্লীল আখ্যা