‘আমাৰ সভালৈ কিছুমান মানুহ আহি খানা খালে আৰু ঠগন দিলে’; ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলক লৈ ক্ষুব্ধ ওমৰ আব্দুল্লা

ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলক লৈ ক্ষুব্ধ ওমৰ আব্দুল্লা জম্মু-কাশ্মীৰৰ ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত তিনিখন আসনত নিৰ্বাচনত শাসকীয় ৰাষ্ট্ৰীয় সন্মিলনে আৰু বিৰোধী দল বিজেপিয়ে এখন আসন লাভ কৰিছে। বিজেপিৰ জয়ত সুখী নহয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।আচলতে জম্মু-কাশ্মীৰত বিজেপিৰ ২৮ জন বিধায়ক থকাৰ বিপৰীতে ৰাজ্যসভাৰ নিৰ্বাচনত

ৰাজ্যসভাৰ নিৰ্বাচনৰ ফলাফলক লৈ ক্ষুব্ধ ওমৰ আব্দুল্লা

জম্মু-কাশ্মীৰৰ ৰাজ্যসভাৰ আসনৰ বাবে অনুষ্ঠিত হোৱা নিৰ্বাচনত তিনিখন আসনত নিৰ্বাচনত শাসকীয় ৰাষ্ট্ৰীয় সন্মিলনে আৰু বিৰোধী দল বিজেপিয়ে এখন আসন লাভ কৰিছে।

বিজেপিৰ জয়ত সুখী নহয় ৰাজ্যখনৰ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা।আচলতে জম্মু-কাশ্মীৰত বিজেপিৰ ২৮ জন বিধায়ক থকাৰ বিপৰীতে ৰাজ্যসভাৰ নিৰ্বাচনত বিজেপিয়ে অতিৰিক্ত চাৰিটা ভোট লাভ কৰিছিল।

এই চাৰিটা ভোটৰ বাবেই বিজেপিয়ে ৰাজ্যসভাৰ এখন আসন লাভ কৰাত সফল হৈ ৰাষ্ট্ৰীয় সন্মিলনৰ পৰিকল্পনা বিফল কৰে।

কোন দল আৰু কোন চাৰিজন বিধায়কে বিজেপিক ক্ৰছ ভোট দিলে সেই সম্পৰ্কে তথ্য উপলব্ধ নহয় কিন্তু বিৰোধী দলৰ বিধায়কে বিজেপিক সমৰ্থন কৰা বুলি সন্দেহ মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লাৰ।

ৰাষ্ট্ৰীয় সন্মিলনে ৰাজ্যসভাৰ তিনিখন আসন লাভ কৰাৰ সন্দৰ্ভত মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে আমি ৪-০ ত জয়ী হ’বলৈ চেষ্টা কৰিছিলো যদিও শেষত আমাক ‘প্ৰতাৰিত’ কৰা হৈছিল।

মই ভাবো সেই মানুহবোৰ কোন আছিল সকলোৱে জানে। বিজেপিৰ লগত যাব বিচাৰিছে বুলি মুকলিকৈ ক’লে ভাল হ’লহেঁতেন৷

আব্দুল্লাই কয় যে যিসকলে (বিধায়ক) গোপনে বিজেপিক সহায় কৰিছিল, তেওঁলোকৰ সাহস থাকিব লাগে।মুকলিকৈ ওলাই আহক আৰু কওক যে আমি বিজেপিক ভোট দিলোঁ…”।

মুখ্যমন্ত্রী গৰাকীয়ে কয় যে কিছু লোক আমাৰ লগত থাকি আমাৰ সভালৈ আহি আমাৰ খাদ্য খাই বিজেপিক দিলে।তেওঁ কয় যে তেওঁৰ দলৰ বিধায়কসকলে ভোট ক্ৰছ কৰা নাছিল আৰু এটাও ভোট নষ্ট হোৱা নাছিল।

লগতে পঢ়ক: ‘নতুন গতিৰে আগবাঢ়িব বিহাৰ’; সমস্তীপুৰত প্ৰধানমন্ত্ৰী মোদীৰ গুৰুত্বপূৰ্ণ মন্তব্য