সফলতাৰে পৰীক্ষা ডি আৰ ডি অ’ৰ মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেম

৩২,০০০ ফুট উচ্চতাত সফলতাৰে পৰীক্ষা ডি আৰ ডি অ’ৰ মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেমৰ

ডি আৰ ডি অ’ৰ মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেম প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতে আন এক বৃহৎ সফলতা অৰ্জন কৰিছে । ৩২ হাজাৰ ফুট উচ্চতাৰ পৰা সফলতাৰে পৰীক্ষা কৰা হয় ডি আৰ ডি অ’ৰ দ্বাৰা নিৰ্মিত থলুৱা মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেমৰ । ভাৰতীয় বায়ুসেনাৰ সাহসী সৈন্যই এই উচ্চতাৰ

ডি আৰ ডি অ’ৰ মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেম

প্ৰতিৰক্ষা ক্ষেত্ৰত ভাৰতে আন এক বৃহৎ সফলতা অৰ্জন কৰিছে । ৩২ হাজাৰ ফুট উচ্চতাৰ পৰা সফলতাৰে পৰীক্ষা কৰা হয় ডি আৰ ডি অ’ৰ দ্বাৰা নিৰ্মিত থলুৱা মিলিটেৰী কম্বেট পেৰাচুট চিষ্টেমৰ । ভাৰতীয় বায়ুসেনাৰ সাহসী সৈন্যই এই উচ্চতাৰ পৰা ফ্ৰীফল জাম্প কৰি পেৰাচুট ব্যৱস্থাৰ শক্তি আৰু নিৰ্ভৰযোগ্য ডিজাইন প্ৰদৰ্শন কৰে । ২৫,০০০ ফুটতকৈ অধিক উচ্চতাত ব্যৱহাৰ কৰিব পৰা ভাৰতৰ এইটোৱেই প্ৰথম পেৰাচুট চিষ্টেম ।

এই ব্যৱস্থাটো ডি আৰ ডি অ’ৰ দুটা পৰীক্ষাগাৰ, আগ্ৰাৰ এৰিয়েল ডেলিভাৰী ৰিচাৰ্চ এণ্ড ডেভেলপমেণ্ট এষ্টাব্লিছমেণ্ট আৰু বেংগালুৰুৰ ডিফেন্স বায়’ইঞ্জিনিয়াৰিং এণ্ড ইলেক্ট্ৰ’মেডিকেল লেবৰেটৰীয়ে যৌথভাৱে প্ৰস্তুত কৰিছে । পেৰাচুটত কম গতিৰে অৱতৰণ ক্ষমতা, উন্নত দিশ নিয়ন্ত্ৰণ, আৰু NavIC সংহতিৰ দৰে নতুন প্ৰযুক্তি সন্নিবিষ্ট কৰা হৈছে, যাৰ ফলত সৈনিকসকলে যিকোনো পৰিস্থিতিত নিখুঁত অৱতৰণ কৰিব পাৰে ।

এই ব্যৱস্থাৰ প্ৰৱৰ্তনৰ লগে লগে ভাৰতে আৰু বিদেশী পেৰাচুট ব্যৱস্থাৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে । দেশৰ ভিতৰতে ইয়াৰ ৰক্ষণাবেক্ষণ দ্ৰুত আৰু সহজ হ’ব, যাৰ ফলত যুদ্ধ বা সংকটৰ সময়ত ইয়াৰ সম্পূৰ্ণ কাৰ্যকৰী ক্ষমতা নিশ্চিত হ’ব ।

এই সফলতাৰ বাবে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ডি আৰ ডি অ’, বায়ুসেনা, আৰু উদ্যোগক অভিনন্দন জনায় । তেওঁ কয় যে এই কৃতিত্ব ভাৰতৰ থলুৱা প্ৰতিৰক্ষা প্ৰযুক্তিৰ ক্ষেত্ৰত এক বৃহৎ পদক্ষেপ ।

লগতে পঢ়ক : ২০৪০ চনৰ ভিতৰত চন্দ্ৰলৈ মানুহ প্ৰেৰণ কৰিব ভাৰতে; ISRO ৰ ডাঙৰ সিদ্ধান্ত