CJI

“পাহৰি যোৱা অধ্যায়”; জোতা নিক্ষেপ ঘটনাক লৈ প্ৰথমবাৰলৈ CJI গাভাইৰ প্ৰতিক্ৰিয়া

জোতা নিক্ষেপ ঘটনাক লৈ প্ৰথমবাৰলৈ CJI গাভাইৰ প্ৰতিক্ৰিয়া ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) বি.আৰ.গাভাইৰ ওপৰত সোমবাৰে উচ্চতম ন্যায়ালয়ত বিতৰ্কৰ সূচনা হয়।অৱশ্যে এতিয়া মুখ্য ন্যায়াধীশে ইয়াক ‘পাহৰি যোৱা অধ্যায়’ বুলি অভিহিত কৰিছে। একে সময়তে তেওঁৰ সতীৰ্থ ন্যায়াধীশসকলে এই কাৰ্যক উচ্চতম ন্যায়ালয়ক অপমান বুলি অভিহিত কৰিছে। শুনানি অব্যাহত

জোতা নিক্ষেপ ঘটনাক লৈ প্ৰথমবাৰলৈ CJI গাভাইৰ প্ৰতিক্ৰিয়া

ভাৰতৰ মুখ্য ন্যায়াধীশ (CJI) বি.আৰ.গাভাইৰ ওপৰত সোমবাৰে উচ্চতম ন্যায়ালয়ত বিতৰ্কৰ সূচনা হয়।অৱশ্যে এতিয়া মুখ্য ন্যায়াধীশে ইয়াক ‘পাহৰি যোৱা অধ্যায়’ বুলি অভিহিত কৰিছে।

একে সময়তে তেওঁৰ সতীৰ্থ ন্যায়াধীশসকলে এই কাৰ্যক উচ্চতম ন্যায়ালয়ক অপমান বুলি অভিহিত কৰিছে।

শুনানি অব্যাহত ৰখাৰ সময়তে CJI গাভাইয়ে এই কাণ্ডৰ ওপৰত নিজৰ স্থিতি পুনৰবাৰ উল্লেখ কৰে। তেওঁ কয় যে, “মই আৰু মোৰ বিদ্বান ভাই (জাষ্টিচ) সোমবাৰে যি ঘটিল তাক লৈ বহুত স্তম্ভিত হৈছো,আমাৰ বাবে ই এক পাহৰি যোৱা অধ্যায়।” মুখ্য ন্যায়াধীশগৰাকীয়ে ঘটনাটোৰ প্ৰতি বিশেষ গুৰুত্ব নিদি আদালতৰ কাম-কাজ আগবঢ়াই লৈ যায়।

অৱশ্যে ন্যায়াধীশ উজ্জ্বল ভূঞাই চি জে আইৰ এই স্থিতিৰ সৈতে একমত নহয়। ন্যায়াধীশ ভূঞাই কয়, “এই বিষয়ে মোৰ নিজৰ মতামত আছে, তেওঁ CJI হয় , এইটো কোনো ধেমালিৰ কথা নহয়।” তেওঁ লগতে কয় যে, এই ঘটনাই উচ্চতম ন্যায়ালয়ক অপমান কৰিছে।

উল্লেখ্য যে, ৬ অক্টোবৰত ভাৰতৰ উচ্চতম ন্যায়ালয়ত সংঘটিত হোৱা ঘটনা এক লজ্জাজনক।এজন অধিবক্তাই চি জে আই বি আৰ গাভাইলৈ জোতা নিক্ষেপ কৰিবলৈ চেষ্টা কৰিছিল। অৱশ্যে তাত উপস্থিত থকা নিৰাপত্তাৰক্ষীয়ে লগে লগে তেওঁক বাধা দিয়ে।

লগতে পঢ়ক: মুম্বাই আক্ৰমণৰ পিছত সন্ত্ৰাসবাদৰ সন্মুখত শিৰনত কৰিছিল কংগ্ৰেছেঃ প্ৰধানমন্ত্ৰী মোদী

শেহতীয়া প্ৰৱন্ধসমূহ