পুটিন

‘ভাৰত ৰাছিয়াৰ আটাইতকৈ ভাল বন্ধু’; প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মুকলি মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতক নিজৰ ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰিছে। ছোচিৰ ভালদৈ ডিচকাচন ক্লাবত ভাষণ দি পুটিনে কয় যে মোদী এজন জ্ঞানী নেতা যিয়ে সদায় নিজৰ দেশক প্ৰথম স্থান দিয়ে। ছোচিত

প্ৰধানমন্ত্ৰী মোদীক ‘বুদ্ধিমান নেতা’ আখ্যা পুটিনৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে মুকলি মঞ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰশংসা কৰি ভাৰতক নিজৰ ঘনিষ্ঠ বন্ধু বুলি অভিহিত কৰিছে।

ছোচিৰ ভালদৈ ডিচকাচন ক্লাবত ভাষণ দি পুটিনে কয় যে মোদী এজন জ্ঞানী নেতা যিয়ে সদায় নিজৰ দেশক প্ৰথম স্থান দিয়ে।

ছোচিত চলি থকা ভালদৈ ডিচকাচন ক্লাবৰ এক অধিবেশনত প্ৰধানমন্ত্ৰী মোদীক অতিশয় প্ৰশংসা কৰা হৈছে।এই ক্লাবটো হৈছে বিশ্বৰ ডাঙৰ ডাঙৰ বিষয়বোৰৰ ওপৰত আলোচনাৰ মঞ্চ, য’ত নেতাসকলে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰে।ভাৰত আৰু ৰাছিয়াৰ সম্পৰ্ক অতি বিশেষ বুলিও পুটিনে কয়।

ছোচীত অনুষ্ঠিত ভালদাই ডিচকাচন ক্লাবৰ পূৰ্ণাংগ অধিৱেশনত ভাষণ দি পুটিনে ভাৰত আৰু ৰাছিয়া দুয়োখন দেশৰ বিশেষ সম্পৰ্ক থকা বুলি উল্লেখ কৰে।

পুটিনে কয় যে,‘ভাৰতৰ জনসাধাৰণে ইয়াক আৰু আমাৰ সম্পৰ্কক পাহৰি নাযায়।প্ৰায় ১৫ বছৰ আগতে আমি এটা বিশেষ কৌশলগত অংশীদাৰিত্বৰ কথা ঘোষণা কৰিছিলো আৰু সেইটোৱেই হৈছে সৰ্বোত্তম বৰ্ণনা।প্ৰধানমন্ত্ৰী মোদী এজন অতি বুদ্ধিমান নেতা যিয়ে প্ৰথমে নিজৰ দেশৰ কথা চিন্তা কৰে।”

পুটিনৰ এই বক্তব্য এনে এটা সময়ত আহিছে যেতিয়া চলিত বৰ্ষৰ শেষৰ ফালে পুটিনে ভাৰত ভ্ৰমণ কৰিব বুলি খবৰ আহিছে।

লগতে পঢ়ক: ‘যদি কাটাৰক আক্ৰমণ কৰা হয়…’; নেতানিয়াহুক ট্ৰাম্পৰ মুকলি সতৰ্কবাণী