জাপানত উপস্থিত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী
দুদিনীয়া ভ্ৰমণসূচীৰে জাপানত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।জাপানৰ প্ৰধানমন্ত্ৰী শ্বিগেৰু ইছিবাৰ আমন্ত্ৰণত ১৫ সংখ্যক বাৰ্ষিক সন্মিলনত অংশগ্ৰহণ কৰিবলৈ গৈছে মোদী।
জাপান ভ্ৰমণ সন্দৰ্ভত প্ৰধানমন্ত্ৰী গৰাকীয়ে কয় যে তেওঁৰ জাপান ভ্ৰমণৰ উদ্দেশ্য ভাৰত আৰু জাপানৰ মাজত থকা বিশেষ কৌশলগত আৰু বিশ্বব্যাপী অংশীদাৰিত্বক এক নতুন মাত্ৰা প্ৰদান কৰা।
তেওঁ কয় যে যোৱা ১১ বছৰত দুয়োখন দেশৰ মাজত সম্পৰ্ক অতি শক্তিশালী হৈ উঠিছে আৰু এতিয়া তেওঁলোকে বিনিয়োগ, অৰ্থনীতি আৰু কৃত্ৰিম বুদ্ধিমত্তা আৰু অৰ্ধপৰিবাহী সহযোগিতাৰ দৰে নতুন প্ৰযুক্তিৰ ওপৰত গুৰুত্ব দিয়া হ’ব।
তেওঁ লগতে কয় যে তেওঁৰ এই ভ্ৰমণ ভাৰত আৰু জাপানৰ মাজত সাংস্কৃতিক আৰু সভ্যতাৰ সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰাৰ সুযোগ হ’ব।
উল্লেখ্য যে, জাপানৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে চীন ভ্ৰমণ কৰিব।য’ত তেওঁ চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙৰ আমন্ত্ৰণত টিয়ানজিনত অনুষ্ঠিত হ’বলগীয়া চাংহাই সহযোগিতা সংস্থাৰ সন্মিলনত অংশগ্ৰহণ কৰিব।
তেওঁ কয় যে ভাৰত এছচিঅ’ৰ এক সক্ৰিয় আৰু সৃষ্টিশীল সদস্য আৰু তেওঁৰ ৰাষ্ট্ৰপতিত্বৰ সময়ছোৱাত দেশখনে স্বাস্থ্য, উদ্ভাৱন আৰু সাংস্কৃতিক আদান-প্ৰদানৰ ক্ষেত্ৰত নতুন পদক্ষেপ গ্ৰহণ কৰিছিল।
জাপানত উপস্থিত হোৱা প্ৰধানমন্ত্ৰী মোদীক পৰম্পৰাগত ভাৱে টকিঅ’ত আদৰণি জনোৱা হয়। ৰাজস্থানী সাজ-পোছাক পৰিধান কৰি জাপানীৰ যুৱতী সকলে ৰাজস্থানী লোকগীতেৰে আদৰণি জনাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
লগতে পঢ়ক: ৰাজ্যবাসীৰ বাবে গৌৰৱৰ খবৰ; দেশৰ ভিতৰতে জিলিকিল মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা